ৰঙা চীনে তিব্বতত নিৰ্মাণ কৰিলে পাঁচ শতাধিক নদীবান্ধ...

পঞ্চশীল নীতিত বিশ্বাসী বৌদ্ধ ধৰ্মাৱলম্বী তিব্বতীয়ান নাৰাজ হৈছে ৷ নাৰাজ হৈছে ৰঙাচীনৰ আগ্ৰাসনত ৷ ১৯৬৯ চনৰ পৰা তিব্বতত চীনে নিজৰ প্ৰভূত্ব বিস্তাৰ কৰি আহিছে ৷ দালাই লামাৰ দেশত ৰঙাচীনৰ আগ্ৰাসন

author-image
Asomiya Pratidin
New Update
dddddddd

ডিজিটেল সংবাদ, লখিমপুৰঃ  পঞ্চশীল নীতিত বিশ্বাসী বৌদ্ধ ধৰ্মাৱলম্বী তিব্বতীয়ান নাৰাজ হৈছে ৷ নাৰাজ হৈছে ৰঙাচীনৰ আগ্ৰাসনত ৷ ১৯৬৯ চনৰ পৰা তিব্বতত চীনে নিজৰ প্ৰভূত্ব বিস্তাৰ কৰি আহিছে ৷ দালাই লামাৰ দেশত ৰঙাচীনৰ আগ্ৰাসন পৰম্পৰাৰ বিৰোধী ৷ এই কথা অনুধাৱন কৰিছে তিব্বতীয় লোক সকলে ৷ চীনে সাংস্কৃতিক ,ৰাজনৈতিক আৰু পৰিৱেশগত ভাৱে আগ্ৰাসন চলাই নিৰ্জু তিব্বতীয়ান সকলৰ ওপৰত অত্যাচাৰ চলাইছে ৷ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ছয় হাজাৰ ফুট উচ্চতাত থকা তিব্বতত চীনৰ আগ্ৰাসনত অতিষ্ঠ হৈছে শান্তিপ্ৰিয় দালাই লামাৰ দেশ বাসী ৷ এই কথা আমাৰ নহয় ৷

Advertisment

বৰঞ্চ ব্যক্ত কৰিছে তিব্বতীয় যুৱকৰ দল এটাই ৷ দালাই লামাৰ দেশৰ পৰা ভাৰতলৈ নামি আহিছে তিব্বতীয় বৌদ্ধ  যুৱ সংগঠন নামৰ পোন্ধৰজনীয়া দল এটা ৷ তিব্বত সীমান্তৰ বুমলা পাছৰ পৰা আমাৰ দেশত  প্ৰৱেশ কৰা দলটোৱে আমাৰ দেশৰ ২০ হাজাৰ কিলোমিটাৰ পথত  মটৰ চাইকেল ৰেলৱ কৰিব ৷যোৱা একৈশ নৱেম্বৰত অসমত প্ৰৱেশ কৰা দলটোৱে শুকুৰবাৰে বিয়লি ডিব্ৰুগড়ত উপস্থিত হয় ৷

দলটোৱে ডিব্ৰুগড়ৰ জালুকপাৰা স্থিত ভূটীয়া মাৰ্কেটত বসবাস কৰা তিব্বতীয় লোক সকলৰ লগত কালি মত বিনিময় কৰে ৷ তিব্বতীয়ান য়ং বৌদ্ধিষ্ট এছচিয়েচনৰ অধ্যক্ষ গণপুদ ধামাঙে সংবাদ মাধ্যমৰ সাক্ষাৎত কয়“ ৰঙাচীনৰ অত্যাচাৰ আৰু আগ্ৰাসনৰ কথা আমি ভাৰতবাসীক জনাম ৷ভাৰত আমাৰ আশ্ৰয়দাতা ৷ ৰঙাচীনে আমাৰ ওপৰত অত্যাচাৰ চলাইছে ৷ এই অত্যাচাৰ সাংস্কৃতিক ,ৰাজনৈতিক আৰু পৰিৱেশ গত ভাৱে ৷চীনে আমাৰ স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যত আঁচুৰিছে ৷ আমাৰ নদী সমূহত বান্ধ দি নিয়ন্ত্ৰণ কৰি পৰিৱেশ প্ৰদূষণ কৰিছে ৷

তেখেত সকলে আমাক ৰাজনৈতিক ভাৱে অত্যাচাৰ চলাইছে ৷ যাৰ পৰিপ্ৰেক্ষিতত আমি বাকৰুদ্ধ আৰু ৰাজনৈতিক স্বতন্ত্ৰতা হেৰুৱাই পেলাইছোঁ ৷ য়ং বৌদ্ধিষ্ট  এছচিয়েচনৰ নেতা গৰাকীৰ মতে  চীনে দীজু আৰু য়ালুঙ চাংপো অথাৎ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰায় পাঁচশৰো অধিক বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে ৷ যিবোৰ ভাৰত বাসীৰ লগতে তিব্বতীৰ নামনিৰ বাবে ভয়াৱহ স্বৰূপ ৷ এই নদীবান্ধে তিব্বতৰ জৈৱ পৰ্যতনত প্ৰভাৱ পেলাইছে ৷ এইবোৰ কথা কৈ আমি ভাৰত উপমহাদেশৰ আমাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ এই বাইক ৰেলী কৰিছোঁ ৷

আমি যাত্ৰা তিব্বতৰ বুমলা পাছত আৰম্ভ কৰিছো আৰু লাডাখৰ লৈকে ২০ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি ২২ খন ৰাজ্যত আমাৰ সমস্যা অৱগত কৰিম ৷ আশা কৰোঁ ভাৰতে আমাৰ সমস্যাক উপলব্ধি কৰিব ৷' উল্লেখ্য যে ৰঙাচীনে ব্ৰহ্মপুত্ৰ নদী ভেটি তিব্বতত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰা বুলি শুনি অহা হৈছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত বৰ লুইত শুকাই বক্ষ ৰুক্ষ হৈছে ৷ তিব্বতীয় যুৱ বাইকাৰ্চৰ অভিযোগে সেই কথাকে প্ৰমাণ কৰিলে ৷

চীন