/asomiyapratidin/media/media_files/2025/07/20/china-2025-07-20-09-14-49.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ জনজীৱনলৈ চৰম ভাবুকিৰ সৃষ্টি কৰি চীনে তিব্বতত আৰম্ভ কৰিলে বিশ্বৰ সবাতোকৈ ডাঙৰ নদীবান্ধৰ কাম। চীনৰ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে এই বান্ধটোৰ কাম। উল্লেখ কৰা প্ৰয়োজন যে, এই বান্ধটোক লৈ দীৰ্ঘদিন ভাৰতে আপত্তি দৰ্শাই আহিছিল যদিও অৱশেষত ৰঙা চীনে আৰম্ভ কৰিলে এই বান্ধটোৰ প্ৰাৰম্ভিক কাম-কাজ।
চীন-ভাৰতৰ সীমান্ত দক্ষিণ-পূৰ্ব তিব্বত তথা অৰুণাচলৰ নিচেই কাষতে আৰম্ভ কৰা হৈছে এই নদীবান্ধটোৰ কাম-কাজ। অসমলৈ বৈ অহা ব্ৰহ্মপুত্ৰ নদীক ভেটি নিৰ্মাণ কৰা এই নদীবান্ধটোৱে অৰুণাচল, অসমকে ধৰি কেইবাখনো ৰাজ্যৰ জৈৱ বৈচিত্ৰত ব্যাপক প্ৰভাৱ পেলাব।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ৰ ডিচেম্বৰত এই নদীবান্ধটোৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিছিল চীন চৰকাৰে। এই খবৰ বিয়পি পোৱাৰ পিছতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই বান্ধটোৰ তীব্ৰ বিৰোধিতা কৰি এই বান্ধটোক ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত জলবোমা নিৰ্মাণ কৰিছে বুলি অসন্তুষ্টি প্ৰকাশ কৰিছিল।
চীনে প্ৰায় ১৬৭বিলিয়ন ব্যয়েৰে এই বান্ধটোৰ নিৰ্মাঁণ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰায় ৩০কোটি লোকৰ বিদ্যুতৰ প্ৰয়োজন এই বান্ধটোৱে পূৰণ কৰিব বুলি চীনে সদৰি কৰিছে। ভাৰতৰ উপৰিও এই বান্ধে বাংলাদেশতো ব্যাপক প্ৰভাৱ পেলাব।