/asomiyapratidin/media/media_files/2025/06/07/feTWwiB3zOrMR9JaOpcH.jpg)
ডিজিটেল ডেস্কঃ সুখে-দুখে প্ৰতিমূৰ্হূততে সংগ আৰু সমৰ্থন কৰা ৰঙা চীনে এইবাৰ পাকিস্তানৰ পক্ষত থিয় নহ'ল। শেহতীয়াকৈ আয়োজিত ব্ৰাজিলত আয়োজিত BRICS সংসদীয় সন্মিলনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক সকলো দেশেলৈ সমৰ্থন কৰে আৰু আগন্তুক সময়ত সহযোগিতা আগবঢ়োৱাৰ কথা সদৰি কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক সমৰ্থন কৰা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত আছে চীনকে ধৰি প্ৰায়কেইখন মুছলিম ৰাষ্ট্ৰ। ভাৰতক ব্ৰাজিয়া, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকাৰ উপৰিও সমৰ্থন আগবঢ়োৱা দেশসমূহৰ ভিতৰত আছে- ইৰান, সংযুক্ত ৰাষ্ট্ৰ আমিৰাত, মিশ্ৰ, ইথিউপিয়া, ইণ্ডোনেছিয়াৰ দৰে মুছলিম প্ৰধান ৰাষ্ট্ৰ।
উল্লেখ কৰা প্ৰয়োজন যে, এই সন্মিলনত ভাৰতৰ হৈ মত দাঙি ধৰিছিল লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। অপাৰেচন সিন্দূৰৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিৰ সন্দৰ্ভত সন্মিলনত ওম বিৰলাই উত্থাপন কৰাৰ পাছতে সকলো দেশেই ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী স্থিতিক সমৰ্থন কৰে।
শেহতীয়াকৈ লোকসভাৰ সচিবালয়ৰ পৰা আনুষ্ঠানিকভাৱেও প্ৰকাশ কৰা হৈছে যে, এতিয়াৰে পৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে BRICSৰ সকলো সদস্য ৰাষ্ট্ৰই একেলগে কাম কৰিব।