হাওৰাঘাটত বিজ্ঞান অনুসন্ধান বিষয়ক শিশু বিজ্ঞান সমাৰোহ.....

অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ ৰূপায়নত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ হাওৰাঘাট খণ্ড আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ  কাৰ্বি আংলং জিলাৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযান অসমৰ সহযোগত অনুষ্ঠিত হৈছিল উক্ত অনুষ্ঠান ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হাওৰাঘাট শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে হাওৰাঘাটত অনুষ্ঠিত হয় বিজ্ঞান অনুসন্ধান বিষয়ক শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প প্ৰতিযোগিতা । অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ ৰূপায়নতআৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ হাওৰাঘাট খণ্ড আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ কাৰ্বি আংলং জিলাৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযান অসমৰ সহযোগত অনুষ্ঠিত হৈছিল উক্ত অনুষ্ঠান ।

চৰকাৰী আৰু প্ৰদেশীকৃত বিদ্যালয়ৰ মাধ্যমিক পৰ্যায়ৰ অৰ্থাৎ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যৰে আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে উদ্বুদ্ধ হৈ নিজস্ব চিন্তা চেতনাৰে একোটা বিষয় অনুধাৱন কৰিবলৈ এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। স্মৰ্তব্য যে এই বছৰৰ বিজ্ঞান অনুসন্ধান বিষয়ক শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় হৈছে বহনক্ষম উন্নয়নৰ বাবে পৰম্পৰাগত জ্ঞান পদ্ধতি ।

এই মূল বিষয়ৰ ওপৰত আধাৰিত বহুকেইটা প্ৰকল্প প্ৰস্তুত কৰি আজি অনুষ্ঠিত হয় খণ্ড পৰ্যায়ৰ প্ৰতিযোগিতা । পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত বিজ্ঞান অনুসন্ধানৰ কাৰ্যসূচীৰ শুভ উদ্ভোধন কৰে অক্‌-কেৰেং হাইস্কুলৰ অৱসৰপ্ৰাপ্ত বয়োজ্যেষ্ঠ কৃতি শিক্ষক কৰুণা কান্ত বড়োৱে । উক্ত কাৰ্যসূচীত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকেহাওৰাঘাট ইংৰাজী মাধ্যম হাইস্কুলৰ প্ৰধান শিক্ষক মুক্তালাল দাস,ৰজাপথাৰ হাইস্কুলৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ললিতা বৰদলৈ,হাওৰাঘাট নগৰ ছোৱালী হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক কৃষ্ণ ৰাজবংশী,আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলং জিলাৰ জিলা সমন্বয়ক ভৱানন্দ খাখলাৰী,ব্ৰজেন তিমুং, পংকজ শইকীয়া,পদ্মৰাম শইকীয়া,ৰূপেশ্বৰ ফাংচ্‌ আৰু ৰূপা লেক্‌থেপী ।

সমূহ কাৰ্যসূচী পৰিচালনা তথা আঁত ধৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰহাওৰাঘাট খণ্ডৰ সমন্বয়ক প্ৰবীন নাথে ।হাওৰাঘাট শিক্ষাখণ্ডৰ অধীনস্থ ২৫ খন বিদ্যালয়ৰ ভিতৰত ১৬ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় ৩০টা প্ৰকল্প আজি উপস্থাপন কৰে। এই প্ৰতিভাসন্ধানী প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট উপকৃত কৰা বুলি সকলোৱে মত পোষণ কৰে। প্ৰতিযোগিতাৰ শেষত সকলো প্ৰতিযোগীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

হাওৰাঘাট