/asomiyapratidin/media/media_files/2024/11/14/W7urCDEJJFvkSDJTzCQc.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ হাওৰাঘাট শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে শিশু দিৱস পালন কৰা হয় । কাৰ্যসূচীৰ আৰম্ভণিতে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ- ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, আকস্মিক বক্তৃতা আৰু ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
এই শিশু দিৱস অনুষ্ঠানটো এক ব্যতিক্ৰমী পদক্ষেপ হিচাপে উল্লেখ কৰিব পাৰি। কাৰণ উক্ত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে দান বৰঙণিৰে অনুষ্ঠানৰ সকলো খৰচ নিজাববীয়াকৈ বহন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আজিৰ দিনটো উদযাপন কৰে।
নৱম আৰু দশম শ্ৰেণীৰ বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিল্পী সাহা, দ্বিতীয় স্থান লাভ কৰে নীহাৰিকা দাস আৰু তৃতীয় স্থান লাভ কৰে অনিশা বৰাই । ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰত অনুষ্ঠিত কৰা বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অৰ্পিতা লস্কৰ, দ্বিতীয় স্থান লাভ কৰে ৰেণুকা লস্কৰ আৰু তৃতীয় স্থান লাভ কৰে ডিমীত্ৰী বৰাই। ইয়াৰ উপৰিও চিত্ৰাংকন আৰু ৰচনা লিখা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা বিজয়ী সকলকো বঁটা প্ৰদান কৰা হয়।