/asomiyapratidin/media/media_files/2025/02/08/O7jwfgA708sKfUl008Nk.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শিশুৰ বাবে উৎসৰ্গিত সংগঠন 'বিকাশ'ৰ উদ্যোগত আৰু ক্ৰান্তিকাল প্ৰকাশনৰ সহযোগত ৰাইডঙীয়া পাঁচআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে শিশু সমাৰোহ । দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা শিশু সমাৰোহৰ প্ৰখম দিনা পুৱা পতাকা উত্তোলন কৰে ‘বিকাশ’ৰ সভাপতি ললিত মেধিয়ে আৰু স্মৃতি তৰ্পণ কৰে উপদেষ্টা ধীৰসিং পাটৰে।
ইয়াৰ পাছতে শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণৰে আৰম্ভ হয় আবৃত্তি প্ৰতিযোগিতা। দুপৰীয়া ১২০ গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণৰে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। তাৰ পাছত অনুষ্ঠিত হয় সাধুকথা কোৱা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা।
নিশা পুৰণিগুদামৰ প্ৰজাঘৰ নাটঘৰ নাট্য গোষ্ঠীৰ শিশু নাট 'আমাৰ সখা সেউজী ধৰা' শীৰ্ষক নাটক মঞ্চস্থ হোৱাৰ লগতে কণকণ শিশুৰ দ্বাৰা "বেবেৰিবাং" আৰু "তা দেখহ শুনহ" শীৰ্ষক দুখনকৈ নাটক মঞ্চস্থ কৰা হয়।
'বিকাশ'ৰ কাৰ্যকৰী সভাপতি লাচিত বৰদলৈ আৰু বিচিত্ৰ নাৰায়ণ শইকীয়াই আঁত ধৰা সমগ্ৰ কাৰ্যসূচীত প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মা, সম্পাদক শিৱপ্ৰসাদ বৰা, স্মৃতা ভূঞা, দ্বীপজ্যোতি বৰা, ৰিয়া বৰদলৈ, জংকী বৰদলৈকে আদি কৰি পাঁচ শতাধিক লোক উপস্থিত থাকে।
আনহাতে কাইলৈ পুৱা থিতাতে লিখা ৰচনা প্ৰতিযোগিতাৰ পাছত ১১ বজাত আৰম্ভ হ’ব কুইজ প্ৰতিযোগিতা। "প্ৰকৃতি" বিষয়ক কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰিব সাংবাদিক দিব্যজ্যোতি বৰুৱাই। বিয়লি ২ বজাৰ পৰা কেৱল অকণি সকলৰ দ্বাৰা পৰিচালিত হ’বলগীয়া এখনি "অকণিৰ মুকলি সভা" অনুষ্ঠিত হ’ব।