/asomiyapratidin/media/media_files/2025/02/11/BMGvzfTzYySRDM0Hi18g.png)
ডিজিটেল ডেস্কঃ ছৌদি আৰবে ২০২৫ চনত হজযাত্ৰীসকলৰ বাবে একাধিক নিষেধাজ্ঞা আৰোপ কৰিছে। এতিয়াৰ পৰা হজত অংশ ল’ব নোৱাৰিব শিশুসকলে। প্ৰতি বছৰে বৃদ্ধি পোৱা ভিৰ আৰু শিশুৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি হজ আৰু উমৰা মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ শিশুক হজলৈ নিবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ছৌদি চৰকাৰে কয় যে এই সিদ্ধান্ত নিৰাপদ আৰু মসৃণ হজ তীৰ্থযাত্ৰা নিশ্চিত কৰিবলৈ লোৱা হৈছে। ইয়াৰোপৰি জীৱনত এবাৰ হ’লেও হজযাত্ৰা কৰাৰ সুযোগ পোৱাটো মুছলমানসকলে ভাগ্যৰ কথা বুলি গণ্য কৰে। সেয়ে ২০২৫ চনৰ হজত প্ৰথমবাৰৰ বাবে সুযোগ পোৱাসকলৰ প্ৰতি ছৌদি চৰকাৰে অগ্ৰাধিকাৰ দিব।
ছৌদি আৰৱৰ নাগৰিক আৰু বাসিন্দাসকলে নুছুক এপ বা চৰকাৰী ৱেবছাইটৰ জৰিয়তে হজৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। তেওঁলোকে নিজৰ সবিশেষ শুধৰণি কৰিব লাগিব আৰু লগতে ভ্ৰমণ সংগীৰো পঞ্জীয়ন কৰিব লাগিব।
হজযাত্ৰীৰ ভিছাৰ নিয়মতো সালসলনি কৰা হৈছে।ছৌদি আৰৱৰ নতুন ভিছা নিয়ম অনুসৰি আলজেৰিয়া, বাংলাদেশ, ইজিপ্ত, ইথিওপিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰাক, জৰ্ডান, মৰক্কো, নাইজেৰিয়া, পাকিস্তান, চুডান, টিউনিছিয়া আৰু য়েমেনকে ধৰি ১৪খন দেশৰ নাগৰিকক একক প্ৰৱেশৰ ভিছা প্ৰদান কৰিব।
পৰ্যটন, ব্যৱসায় আৰু পৰিয়াল ভ্ৰমণৰ বাবে এবছৰৰ মাল্টিপল এণ্ট্ৰি ভিছা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছে ছৌদি চৰকাৰে। এতিয়া এই দেশসমূহৰ লোকসকলে কেৱল একক প্ৰৱেশ ভিছাৰ বাবেহে আবেদন কৰিব পাৰিব, যিটো ৩০ দিনৰ বাবে বৈধ হ’ব।
ছৌদি আৰবে হজ আৰু উমৰাহ সম্পৰ্কীয় নিয়ম সলনি কৰি থাকে। ২০২৪ চনত চৰকাৰে বৃহৎ জনসমাগমৰ বাবে উমৰাৰ সময়ত গ্ৰেট গ্ৰেণ্ড মছজিদৰ ওচৰত ফটোগ্ৰাফী পৰিহাৰ কৰাৰ পৰামৰ্শ দিছিল। মন্ত্ৰালয়ে অনুমতি অবিহনে কোনো লোকৰ ফটো তোলাৰ পৰা বিৰত থাকিবলৈ আৰু মছজিদৰ সমীপত দীৰ্ঘদিন ধৰি ফটোগ্ৰাফীৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাইছিল।