৭৫ হাজাৰ টকাত বিক্ৰী কৰা শিশুক সাপেখাটীৰ পৰা উদ্ধাৰ...

এজাহাৰৰ ভিত্তিত জয়সাগৰ আৰক্ষীয়ে তদন্ত কৰি  মনোৱাৰা বেগম আৰু নাজিৰাৰ ৰেচমা তাঁতীক আটক কৰাৰ লগতে বৃহস্পতিবাৰে নিশা শিশুটিক সাপেখাতীৰ পৰা উদ্ধাৰ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিৱসাগৰ:  শিৱসাগৰত এক চক্ৰই চোৰাংভাৱে বিক্ৰী কৰা এটা শিশুক আজি পুৱতি নিশা চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ পৰা উদ্ধাৰ কৰে। শিৱসাগৰৰ শিশু কল্যাণ সমিতিৰ সদস্যা অজন্তা কাকতী, জয়সাগৰ আৰক্ষী চকীৰ উপ পৰিদৰ্শক অতুল বৰাৰ নেতৃত্বত এটা অভিযানকাৰী দলে সাপেখাতী আৰক্ষী থানাৰ সহযোগত সাপেখাতীৰ দম্পত্তি ফুনুৰঞ্জন চাংমাই আৰু সবিতা গগৈ চাংমাইৰ ঘৰৰ পৰা শিশুটিক উদ্ধাৰ কৰে। 

Advertisment

এই শিশু তথা মানৱ সৰবৰাহৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে যোৱা ৯ জুলাইত আশাকৰ্মী মনোৱাৰা বেগমক আৰু যোৱা ১০ জুলাইত নাজিৰাৰ পৰা আশাকৰ্মী ৰেচমা তাঁতীক আটক কৰিছিল। এই চোৰাং ব্যৱসায়ৰ সৈতে আন তিনিগৰাকী আশা কৰ্মী আৰু এজন যুৱক জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত অভিযোগ অনুসৰি, অবিবাহিত যুৱতী গৰাকী অন্তসত্বা হৈ থকাৰ বিষয়ে অভিযুক্ত আশাকৰ্মী অৱগত হৈছিল। পৰৱৰ্তী সময়ত অভিযুক্ত আশাকৰ্মী সকলৰ পৰামৰ্শ অনুসৰি অবিবাহিত যুৱতী গৰাকীৰ নাম সলনি কৰি সন্তান প্ৰসৱৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত ভৰ্তি কৰাইছিল।

১৭ জুনত অবিবাহিত যুৱতী গৰাকীয়ে এটা পুত্ৰ সন্তান জন্ম দিয়ে। পৰৱৰ্তী সময়ত অভিযুক্ত আশাকৰ্মী সকল আৰু অভিযুক্ত এজন যুৱকৰ পৰিকল্পনা অনুসৰি যোৱা ২৫ জুনত নৱজাতক শিশুটিক ধনৰ বিনিময়ত চৰাইদেউ জিলাৰ সাপেখাটী অঞ্চলৰ নিৱাসী তথা দম্পত্তি ফুনুৰঞ্জন চাংমাই আৰু সবিতা গগৈ চাংমাইক শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখতে বিক্ৰী কৰি দিয়ে।

এই ঘটনা পোহৰলৈ অহাৰ পাছত যোৱা ৯ জুলাত শিৱসাগৰ জিলাৰ শিশু সুৰক্ষা বিষয়া ডা০ বিকাশ ৰঞ্জন কোঁৱৰ আৰু শিৱসাগৰৰ শিশু কল্যাণ সমিতিৰ সদস্যা অজন্তা কাকতীয়ে শিশু বিক্ৰী হোৱা ঘটনাৰ তদন্ত বিচাৰি জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত জয়সাগৰ আৰক্ষীয়ে তদন্ত কৰি  মনোৱাৰা বেগম আৰু নাজিৰাৰ ৰেচমা তাঁতীক আটক কৰাৰ লগতে বৃহস্পতিবাৰে নিশা শিশুটিক সাপেখাতীৰ পৰা উদ্ধাৰ কৰে। অৱশ্যে মনোৱাৰা বেগম শিশু সৰবৰাহ ঘটনাত জড়িত নহয় ৷

শিশুটিক বিক্ৰী কৰাৰ বিনিময়ত ৭৫ হাজাৰ টকাৰো অধিক ধনৰ লেনদেন হোৱাৰ তথ্য পোহৰলৈ আহিছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ঘটনাৰ সৈতে জড়িত থকা অন্য তিনিগৰাকী আশা কৰ্মী আৰু এজন যুৱকৰ পৰিচয়ৰ বিষয়ে পোহৰলৈ আহিব।

শিৱসাগৰ