/asomiyapratidin/media/media_files/2024/11/17/Oqmx2IDCOtg6ocEGaS56.jpg)
ডিজিটেল সংবাদ, বাক্সা : সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বাক্সা জিলাৰ জালাহত শিমলা আৰক্ষী থানাৰ উদ্যোগত অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত উদযাপন কৰা হয় 'শিশু অধিকাৰ সপ্তাহ-২০২৪' । এই উপলক্ষে বাক্সা জিলাৰ জালাহত থকা ডাঃ অনন্ত একাডেমীত এখনি সভা অনুষ্ঠিত কৰা হয়।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সুধন্য শুক্লবৈদ্য। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কেতবোৰ ভাষণ প্ৰদান কৰে ।
ডাঃ অনন্ত একাডেমীৰ অধ্যক্ষ ভৱেশ শৰ্মাই সভাপতিত্ব কৰা উক্ত সভাত শিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গগৈ, জালাহ আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া গায়ত্ৰী গগৈ, জালাহ উন্নয়ন সমিতিৰ সভাপতি সত্যজিৎ দাস আদিৰ উপৰিও কেবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us