বাল্য বিবাহ বিৰোধী অভিযানৰ মাজতে লংকাত পুনৰ বাল্য বিবাহ....

লক্ষণীয় বিষয়টো হৈছে,  পশ্চিম বংগৰ দৰা অসীম দাসে ১৪ বছৰীয়া কিশোৰীৰ বয়সৰ ভুৱা প্ৰমাণ পত্ৰও পশ্চিম বংগৰ পৰা উলিয়াই লৈছিল । বাল্য বিবাহক বৈধ বিবাহৰ ৰূপ দিবলৈ এই কাণ্ড সংঘটিত কৰিছিল অসীম দাসে। 

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

ডিজিটেল সংবাদ, লংকাঃ ২২ ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীৰ হাতত ৪৩১ গৰাকী কাজী,পিতৃ-মাতৃ,স্বামী গ্ৰেপ্তাৰ হোৱাৰ সময়তে মঙ্গলবাৰে লংকাত চাইল্ড হেল্প লাইনে উদ্ধাৰ কৰিছে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ।

পশ্চিমবঙ্গৰ অসীম দাস নামৰ এজনৰ সৈতে বিবাহত বহা কিশোৰী গৰাকীক লংকাৰ পিপলপুখুৰীৰ পৰা আটক কৰা হৈছে আৰক্ষীৰ সহায়ত ।

লক্ষণীয় বিষয়টো হৈছে,পশ্চিম বংগৰ দৰা অসীম দাসে ১৪ বছৰীয়া কিশোৰীৰ বয়সৰ ভুৱা প্ৰমাণ পত্ৰও পশ্চিম বংগৰ পৰা উলিয়াই লৈছিল ।বাল্য বিবাহক বৈধ বিবাহৰ ৰূপ দিবলৈ এই কাণ্ড সংঘটিত কৰিছিল অসীম দাসে। 

ইতিমধ্যে লংকা আৰক্ষী থানাৰ আলহী হৈছে পশ্চিম বংগৰ পৰা আহি নাবালিকাক বিয়া কৰোৱা ২৩ বছৰীয়া অসীম দাস

বাল্য বিবাহ লংকা