/asomiyapratidin/media/media_files/2025/07/24/nkkkkkkkk-2025-07-24-21-40-54.jpg)
ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ বৃহস্পতিবাৰে বাইহাটা চাৰিআলিৰ হোণ্ডা ডিলাৰৰ পৰা এজন শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়। জিলা শিশু সুৰক্ষা গোটৰ তৎপৰতা আৰু বাইহাটা চাৰিআলি আৰক্ষীৰ সহযোগত শ্ৰম কৰি থকা অৱস্থাৰ পৰাই শিশু শ্ৰমিকজন উদ্ধাৰ কৰে।
উল্লেখ্য যে, বাইহাটা চাৰিআলি মঙ্গলদৈ পথত থকা বিনায়ক হোণ্ডা নামৰ দুচকীয়া বাহনৰ ডিলাৰখনত দীৰ্ঘদিন ধৰি ১৮ বছৰ বয়সৰ তলৰ কিশোৰক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি আহিছিল ডিলাৰখনৰ স্বত্বাধিকাৰী সঞ্জয় লাহটিয়া নামৰ লোকজনে। অৱশেষত বৃহস্পতিবাৰে বিয়লি চাইল্ড লাইন বিভাগৰ জিলা শিশু সুৰক্ষা গোটৰ তৎপৰতাত আৰু বাইহাটা চাৰিআলি থানাৰ আৰক্ষীৰ সহযোগত শিশু শ্ৰমিক এজনক ডিলাৰখনৰ ওৱৰ্কছপৰ পৰা উদ্ধাৰ কৰা হয়। উদ্ধাৰৰ সময়ত ৰঙিয়াৰ শ্ৰম পৰিদৰ্শকো উপস্থিত থকা বুলি জানিবলৈ দি বৰ্তমান শিশু শ্ৰমিকজনক চাইল্ড হোমত ৰখা হোৱা বুলি জিলা শিশু সুৰক্ষা গোটৰ সমন্বয়কে সদৰি কৰে।