/asomiyapratidin/media/media_files/2025/02/23/NrcHxTtTeLdcLPVP4ITe.jpg)
শিশু স্বাস্থ্য পৰীক্ষা শিবিৰ
ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহালক্ষ্মী মণ্ডল সংঘৰ উদ্যোগত আৰু ইউচুফ মেমৰিয়েল চচাইটিৰ সৌজন্যত তথা নগাঁৱৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় 'ডিউ কেয়াৰ'(Dew care)ৰ সহযোগত দেওবাৰে বিনামূলীয়া শিশু স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হয়। বটদ্ৰৱা সৰুহিছা ৰাজহুৱা মঞ্চত অনুষ্ঠিত এই স্বাস্থ্য পৰীক্ষা শিবিৰৰ মুকলি অনুষ্ঠানটিৰ আঁত ধৰে বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰবন্ধক মিন্টু ডেকাই।
তেওঁ শিশুৰ স্বাস্থ্য সবল কৰাৰ ক্ষেত্ৰত মাতৃৰ গুৰুত্বপূৰ্ণ দিশ সমূহৰ জ্ঞানৰ আৱশ্যকতা বিষয়ে প্ৰকাশ কৰাৰ লগতে শিশুৰ স্বাস্থ্যৰ উত্তৰণত প্ৰয়োজনীয় দিহা পৰামৰ্শসমূহ আজিৰ শিবিৰৰ পৰা মাতৃ সকলে লাভ কৰিব বুলি প্ৰকাশ কৰে।
উক্ত অনুষ্ঠানত মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী মিনা কলিতা, সম্পাদিকা প্ৰতিভা ভূঞা লগতে মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ বিষয়ববীয়া সকল, অসম গ্ৰামীণ জীৱিকা অভিযানৰ বটদ্ৰৱা পঞ্চায়তৰ কৰ্মী ত্ৰিবেনী কলিতা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।
উল্লেখযোগ্য যে অনুষ্ঠানটিত শিশু ৰোগ বিশেষজ্ঞ ডা০ অনুজ বৰা, ডা০, আৰমান ইমটিয়াজ, ডা০ ছামিম চুলতানা, সমন্বয়ক ৱাহিদুল হুছেইন, প্ৰমোদ চৌহান, আশ্ৰাফুল ইছলামক উদ্যোক্তাসকলে গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। "আমাৰ শিশুৰ ভৱিষ্যতৰ মূল্যায়ন, সমৰ্থন আৰু শক্তিশালী কৰা" লক্ষ্যৰে আৰম্ভ কৰা এই শিশু স্বাস্থ্য পৰীক্ষা শিবিৰত বটদ্ৰৱা অঞ্চলৰ শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us