চাঞ্চল্যকৰ! ব্ৰহ্মপুত্ৰ পাৰত উদ্ধাৰ সদ্যজাতৰ মৃতদেহ

মানকাচৰৰ বাংৰীৰচৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। সুখচৰ থানা এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী বাংৰীৰচৰৰ ব্ৰহ্মপুত্ৰ পাৰত উদ্ধাৰ হয় সদ্যজাতৰ মৃতদেহ। বৃহস্পতিবাৰে দুপৰীয়া স্থানীয় ৰাইজে উদ্ধাৰ কৰে দেৱশিশুটিৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

চাঞ্চল্যকৰ ঘটনা

ডিজিটেল ডেস্ক: মানকাচৰৰ বাংৰীৰচৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। সুখচৰ থানা এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী বাংৰীৰচৰৰ ব্ৰহ্মপুত্ৰ পাৰত উদ্ধাৰ হয় সদ্যজাতৰ মৃতদেহ। বৃহস্পতিবাৰে দুপৰীয়া স্থানীয় ৰাইজে উদ্ধাৰ কৰে দেৱশিশুটিৰ মৃতদেহ। মানৱ সমাজক লজ্জানত কৰি নিষ্ঠুৰ মাতৃয়ে ব্ৰহ্মপুত্ৰত সদ্যজাতটি পেলাই দিয়াৰ সন্দেহ কৰিছে ৰাইজে। 

Advertisment

উল্লেখযোগ্য যে, বাংৰীৰচৰ গাঁৱৰ কাষত থকা ব্ৰহ্মপুত্ৰৰ পাৰত আব্দুছ ছামাদ নামৰ কৃষকজনে গৰু গা ধুৱাবলৈ যোৱাত সদ্যজাতৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজ আৰু সাংবাদিকক বিষয়টো অৱগত কৰাত সাংবাদিকে আৰক্ষীক খবৰ দিয়ে। দিনৰ প্ৰায় ১ বজাত এগৰাকী জিলা উপ আৰক্ষী অধীক্ষকসহ সুখচৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তদন্ত আৰম্ভ কৰিছে। 

মানকাচৰ মৃতদেহ মৃতদেহ উদ্ধাৰ