/asomiyapratidin/media/media_files/2025/02/12/PnzjVUDXsQrVd6W62EHn.jpg)
ডিজিটেল ডেস্কঃ আজি মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জন্মজয়ন্তী। ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে অদম্য সাহসৰ প্ৰতীক বীৰ চিলাৰায় দিৱস। কোচ ৰজাৰ নৰনাৰায়ণৰ ভাতৃ তথা সুদক্ষ সেনাপতি চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। চিলাৰ দৰে ৰণক্ষেত্ৰত জপিয়াই পৰাৰ বাবে এইগৰাকী পৰাক্ৰমী বীৰ চিলাৰায় ৰূপে পৰিচিত হৈছিল।
তেওঁৰ জন্ম হৈছিল ১৫১০ খ্ৰীষ্টাব্দত। মাঘী পূৰ্ণিমাৰ দিনা জন্মগ্ৰহণ কৰা শুক্লাধ্বজৰ ৰং গোলাপী আছিল আৰু সেয়ে তেওঁক সেই নামেৰে মাতিছিল। ১৫৬৩ চনত চিলাৰায়ে অগ্ৰিম সাহসেৰে আহোম ৰাজ্য আক্রমন কৰি গঢ়গাওঁ অধিকাৰ কৰিছিল। যুদ্ধত বহুতো আহোম সৈন্যক চিলাৰায়ে হত্যা কৰে। বহুতো আহোম সৈন্য চিলাৰায়ৰ ভয়ত পলাই যায়।
বীৰ চিলাৰায় অসমৰ ইতিহাসৰ পাটত এগৰাকী সুদক্ষ সেনাপতি বুলি লিপিবদ্ধ আছে। মাঘী পূৰ্ণিমাৰ দিনা অসমত বীৰ চিলাৰায় দিৱস পালন কৰা হয়। বর্তমান এই বীৰজনাক শ্ৰদ্ধা জনাই বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়। বীৰ চিলাৰায়ৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্ম দিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল।