/asomiyapratidin/media/media_files/2025/06/16/WifW0fmljTU1lHaADvrO.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : সদ্যঘোষিত নীট পৰীক্ষাৰ ফলাফলত মুঠ ৫৬০ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় তালিকাত নিজৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হ'ল চিলাপথাৰৰ ছাত্ৰ প্ৰদীপ্ত বৰাই। প্ৰদীপ্ত হ'ল চিলাপথাৰ বামগাঁৱৰ নিবাসী চিচিবৰগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক কোষেশ্বৰ বৰা আৰু দিব্যজোতি ভূঞা বৰাৰ সুযোগ্য সন্তান।
প্ৰণিধানযোগ্য যে, একালত কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল প্ৰদীপ্তৰ মাতৃ। প্ৰদীপ্তই একালত নিজৰ ৰুগীয়া মাতৃৰ অসহ্য পীড়া যাতনা দেখি মননোকষ্ট পাই ভৱিষ্যতে এজন সফল চিকিৎসক হৈ ৰাইজৰ সেৱা কৰাৰ লক্ষ্য বান্ধি লৈছিল।
অৱশেষত নেৰানেপেৰা কঠোৰ পৰিশ্ৰমৰ বাবে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিলে মেধাৱী ছাত্ৰজনে। আৰম্ভ হ'ল পুহি ৰখা ল'ৰালিৰ সপোন বাস্তৱায়িত কৰাৰ খোজ।
ছাত্ৰজনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে অঞ্চলসী ৰাইজ। ৰবিবাৰে চিলাপথাৰ আছু আৰু ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চাৰ কৰ্মীসকলে ছাত্ৰজনৰ বাস ভৱনত উপস্থিত হৈ ছাত্ৰজনৰ লগতে তেওঁৰ পিতৃ- মাতৃক ফুলাম গামোচা পিন্ধাই শুভেচ্ছা জ্ঞাপন কৰে। লগতে ছাত্ৰ জনৰ উজ্বল ভৱিষ্যত কামনা কৰে।