/asomiyapratidin/media/media_files/2025/01/28/1XXa7ZYmXHMS6u7y68EO.jpg)
চিৰাঙত চিফুং সাংস্কৃতিক উৎসৱ উদযাপন
ডিজিটেল সংবাদ, চিৰাং : আধুনিক যন্ত্ৰসংগীতৰ কৰালগ্ৰাসত পৰি ক্ৰমশঃ সংকটৰ দিশে গতি কৰা বড়ো জনগোষ্ঠীয় লোকগীত, লোক নৃত্য, পৰম্পৰাগত কলা সংস্কৃতি আৰু বাদ্যযন্ত্ৰক সংৰক্ষণ কৰি আৰু নৱ প্ৰজন্মৰ মাজত আগুৱাই নিয়াৰ লক্ষ্যৰে জন্ম দিয়া হৈছিল চিফুং হাৰিমু আফাদ অৰ্থাৎ চিফুং সাংস্কৃতিক সংস্থা। এই অনুষ্ঠানটি ২০১৪ চনত চিৰাং জিলাৰ ৰৌমাৰীৰ কেইজনমান উঠি অহা সংস্কৃতিবান বড়ো যুৱক আৰু যুৱতীয়ে গঠন কৰিছিল।
এই অনুষ্ঠাটিয়ে বিগত বছৰৰ দৰে এইবেলিও চিৰাং জিলাৰ ৰৌমাৰী থাইজোগুৰিত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসুচীৰে আৰম্ভ কৰিছে দ্বিতীয় চিফুং সাংস্কুতিক উৎসৱ ৷ বড়ো জনগোষ্ঠীয় সাংস্কৃতিক জগতৰ অগ্ৰণী সাংস্কৃতিক সংস্থা চিফুং হাৰিমু আফাদে বিগত ২০১৪ চনৰ পৰা বড়ো সমাজৰ গীত-মাত আৰু কলা-কৃষ্টিৰ প্ৰচাৰ- প্ৰসাৰ আৰু সংৰক্ষণৰ হকে কাম কৰি আহিছে ৷
/asomiyapratidin/media/media_files/2025/01/28/594Ulu8XUi8uUsqeAYjt.jpg)
সংস্থাটোৱে অসমৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যত বড়ো সকলৰ পৰম্পৰাগত চহকী নৃত্য গীত পৰিৱেশন কৰি অসমক প্ৰতিনিধিত্ব কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আজি সংস্থাটোৱে সম্পুৰ্ণ গ্ৰাম্য পৰিৱেশত আয়োজন কৰা এই চিফুং সাংস্কৃতিক উৎসৱৰ মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক, লেখক জুমাইদালা বসুমতাৰীয়ে ৷
ইয়াৰ পাছতে চিফুং হাৰিমু আফাদৰ সভাপতি খৌৰৌমদাও বসুমতাৰীয়ে পতাকা উত্তোলন কৰি কাৰ্যসুচীৰ শুভাৰম্ভ কৰে ৷ উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে চিৰাং জিলা বড়ো সাহিত্য সভাৰ সভাপতি নগেন নাৰ্জাৰীয়ে ৷
চিফুং সাংস্কৃতিক উৎসৱত নৃত্য প্ৰতিযোগিতা, নাট প্ৰতিযোগিতা, নাট প্ৰদৰ্শন, সাংস্কৃতিক দিশৰ ওপৰত বহলভিত্তিক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । উৎসৱত বড়ো সমাজৰ বিভিন্ন বাদ্যযন্ত্ৰ, বড়ো জনগোষ্ঠীৰ (জি আই টেগ)ৰ অন্তৰ্ভুক্ত হোৱা খাদ্য সামগ্ৰী, থলুৱা পানীয় আৰু সাজপাৰৰ দৃষ্টিনন্দন প্ৰদৰ্শনীৰ আয়োজন কৰে ।
/asomiyapratidin/media/media_files/2025/01/28/mG8m7jJh3asvoaqFri3q.jpg)
প্ৰদৰ্শনীস্থলীত উত্তৰ- পূৱৰ সামাজিক সংস্থা 'দ্যা এন্ট'ৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৷ বড়োসকলৰ পৰম্পৰাগত থলুৱা গীত মাত, বাদ্যযন্ত্ৰক নতুন প্ৰজন্মৰ মাজত সম্প্ৰসাৰণ কৰাৰ বাবে চিফুং হাৰিমু আফাদে ইতিমধ্যেই জিলাখনৰ বিভিন্ন ভিতৰুৱা এলেকাত ছটাকৈ নতুন খুলিবলৈ সক্ষম হৈছে আৰু সেই শাখা সমূহত নতুন প্ৰজন্মৰ বড়ো কিশোৰ কিশোৰী সকলে নৃত্য গীত আৰু বাদ্যযন্ত্ৰ বজাবলৈ প্ৰশিক্ষণ লাভ কৰি আছে ।
এইক্ষেত্ৰত সফল হোৱা সাংস্কৃতিক সংস্থা চিফুং হাৰিমু আফাদৰ এই প্ৰচেষ্টাক শলাগ লয় সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত সাহিত্যিক ৰাজা দেৱজিত বসুমতাৰী আৰু সদৌ বড়ো হাৰিমু আফাদৰ সম্পাদক খাম্ফুই ডাংগ্ৰা বসুমতাৰীয়ে । লগতে কয় ইমানখিনি কাম কৰিও আৰ্থিক সংকটত ভুগি থকা ছিফুং হাৰিমু আফাদৰ এই প্ৰচেষ্টাক আৰু তৰান্বিত কৰিবলৈ বিটিচি প্ৰশাসনৰ লগতে বিভিন্ন ব্যক্তিগত খণ্ডৰ সংস্থাক সহায় সহযোগ আগবঢ়াবলৈ আহ্বান জনায় ।