/asomiyapratidin/media/media_files/2025/02/01/b6OcUZ6VN61nIxFfxQ95.jpg)
বিশ্বনাথৰ বালিপুখুৰী দিব্যাঙ্গ বিদ্যালয়ত মুখ্যমন্ত্ৰীৰ জন্মদিন পালন
ডিজিটেল সংবাদ, বিহালী : বিহালীৰ বালিপুখুৰী স্বাধীনতা যুৱক সংঘৰ উদ্যোগত শনিবাৰে উত্তৰ-পূৰ্বাঞ্চল বহুমুখী বিকলাঙ্গ বিদ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৬সংখ্যক জন্মদিন পালন কৰা হয় । বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱালে বিদ্যালয়ৰ দিব্যাংগসকলৰ উপস্থিতিত লাড়ু কাটি মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰে ।
অনুষ্ঠানটোত বহুমুখী বিদ্যালয়ৰ ১৭গৰাকী দিব্যাঙ্গক একোখনকৈ কম্বল আৰু মিঠাই বিতৰণ কৰে সপৰিবাৰে উপস্থিত থকা বিধায়ক দিগন্ত ঘাটোৱালে । আনহাতে দিব্যাঙ্গসকলক মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে এসাঁজ ভাতৰো যোগান ধৰা হয় ।
অনুষ্ঠানটোত বিজেপিৰ বিশ্বনাথ জিলা সভাপতি অসীম দাস , বিশ্বনাথ নগৰ সমিতিৰ সভাপতি অমৰ জ্যোতি বৰঠাকুৰ , বিদ্যালয় সমিতিৰ সভাপতি হিৰণ্য শইকীয়া প্ৰমূখ্যে সম্পাদক , সদস্য সকল আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।