মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা : ১৫ জুনৰ পৰা আৰম্ভ হ’ব এ ডি আৰ ইৰ মৌখিক পৰীক্ষা...

দেওবাৰে নিশা ৯-০০ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ এ ডি আৰ ই,...

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা : ১৫ জুনৰ পৰা আৰম্ভ হ’ব এ ডি আৰ ইৰ মৌখিক পৰীক্ষা

ডিজিটেল ডেস্ক : দেওবাৰে নিশা ৯-০০ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ এ ডি আৰ ই, টেট আদি কেইবাটাও বিষয়ত কেতবোৰ কথা উল্লেখ কৰে ড০ শৰ্মাই।

Advertisment

নিশা ফেচবুক লাইভযোগে জনাই যে, অহা ১৫ জুনৰ পৰা পৰ্যায় ক্ৰমে আৰম্ভ হ’ব এ ডি আৰ ইৰ স্কীল টেষ্ট আৰু মৌখিক পৰীক্ষা। এই পৰীক্ষাৰে অন্তৰ্গত চালক পদৰো স্কীল টেষ্ট পৰ্যায়ক্ৰমে কৰা হ’ব। 

তেওঁ জনাই যে, অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনতে ড্ৰাইভাৰ, ষ্টেন’গ্ৰাফাৰ আদিৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। গতিকে আমি সিদ্ধান্ত লৈছো যে, তৃতীয় বৰ্গৰ পৰীক্ষাসকলৰ বাবে দক্ষতা পৰীক্ষা, ব্যৱহাৰিক পৰীক্ষা, কম্পিউটাৰ পৰীক্ষা আৰু চালক পদৰ বাবে দক্ষতা পৰীক্ষা পৰ্যায়ক্ৰমে ১৫ জুনৰ পৰা আৰম্ভ কৰা হ’ব। 

এই পৰ্ব এমাহৰ ভিতৰতে সম্পন্ন কৰিব বুলি কৈ তেওঁ লগতে জনাই যে, অহা দুই – তিনি দিনৰ ভিতৰত এই সন্দৰ্ভত চৰকাৰী অধিসূচনা ৰাজহুৱা কৰা হ’ব। স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষক পদৰ সন্দৰ্ভতো তেওঁ কিছু কথা অৱগত কৰে। 

অহা ৫জুনত স্নাতকোত্তৰ পদৰ শিক্ষকসকলৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। ইয়াৰ পাছতে তেওঁলোকৰ নথি- পত্ৰ পৰীক্ষণৰ কাম- কাজ সম্পন্ন কৰা হ’ব বুলি ড০ শৰ্মাই জনায়।

ADRE