জামুগুৰিহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ইন'ডৰ ষ্টেডিয়ামৰ শিলান্যাস

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মহাবিদ্যালয়খনত ১ কোটি ৭০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা ইনডৰ ষ্টেডিয়ামৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ কুসুমটোলাৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ চৌহদত মঙলবাৰে বিয়লি ২-০০ বজাত উপস্থিত হৈ মহাবিদ্যালয়খনৰ ইন্দৰ ষ্টেডিয়ামৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মহাবিদ্যালয়খনত ১ কোটি ৭০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা ইনডৰ ষ্টেডিয়ামৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে তেওঁ ছাত্ৰ -ছাত্ৰীসকলৰ লগত এক মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীক কাষতে পাই চেলফি ল’বলৈ হেতা ওপৰা লাগে ছাত্ৰ -ছাত্ৰীৰ মাজত। 

ছাত্ৰ -ছাত্ৰীসকলে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক অধ্যয়নৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত মনোনিবেশ কৰি আগুৱাই যাবলৈ আহ্বান জনায়। ইয়াৰ পাছতে জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত এখন দলীয় সভাত অংশ গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীৰ ৷

jamugurihat