বিহালীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : মহিলা উদ্যমিতা অভিযানৰ অধীনত ২৩ হাজাৰৰো অধিক মহিলাক চেক প্ৰদান

মহিলা উদ্যমীক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ অহৰ্তা সম্পন্ন মহিলালৈ দহ হাজাৰ টকাকৈ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
বিহালীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, বিহালী : মহিলা উদ্যমীক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ অহৰ্তা সম্পন্ন মহিলালৈ দহ হাজাৰ টকাকৈ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিহালী সমষ্টিৰ নিউ কেটলা খেলপথাৰৰ পৰাই সমগ্ৰ ৰাজ্যতে আজিৰ পৰা আৰম্ভ হ’ব এই আঁচনিৰ অধীনত চেক প্ৰদান কাৰ্যসূচী । 

Advertisment
চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মা
চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মা

 

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে ৰাজ্য চৰকাৰে বহুকেইটা অভিলাসী আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে । কংগ্ৰেছ চৰকাৰৰ দিনত ধুতি- লুঙী, কম্বল আদি বিতৰণ কৰিয়ে কংগ্ৰেছে ৰাজনীতি কৰা বুলি উল্লেখ কৰি বিজেপিয়ে কিন্তু মহিলাসকলৰ বেংক একাউন্ট খুলি তেওঁলোকৰ একাউন্টত টকা সোমাই কৰ্ম সংস্থাপনৰ বাট মুকুলি কৰি দিছে বুলি মন্তব্য কৰে ড০ শৰ্মাই। 

চেক বিতৰণ

অৰুণোদই আঁচনিৰে লাখ লাখ দুখীয়া মহিলাক উপকৃত কৰিছে । ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যত বিজেপি চৰকাৰৰ দিনত অসমৰ শিক্ষা, স্বাস্থ্য, বাট- পথৰ উন্নতি হোৱা বুলি উল্লেখ কৰি বিহালীত অতি সোনকালে এটি মাটি-বাৰীৰ কাম কাজ অতি সহজ কৰিবলৈ এটি চক্ৰ বিষয়াৰ কাৰ্যালয় নিৰ্মানৰ কাম হাতত লোৱা হ’ব বুলি উল্লেখ কৰে। 

চেক বিতৰণ
চেক বিতৰণ

 

লগতে বিহালীত অৰুণোদই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩ হাজাৰলৈকে বৃদ্ধি কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।  সভাত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় অশোক সিংহাল, ৰঞ্জিত দাস, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱালে বক্তব্য আগবঢ়ায়। আজিৰ এই চেক বিতৰণি অনুষ্ঠানত বিহালীৰ আত্মসহায়ক গোটৰ ২৩ হাজাৰ ৩শ গৰাকী মহিলাক চেক প্ৰদান কৰা হয় ।

ড০ হিমন্ত বিশ্ব শৰ্মা