ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আজিও মনত পৰে কৈশোৰৰ দিনৰ কথা — দক্ষিণ শৰণীয়াৰ তেখেতৰ ঘৰলৈ যোৱা, তেখেতে নিজে তৈয়াৰ কৰা পিঠা, চাহ আদিৰ আত্মীয়তা আৰু মৰমেৰে ভৰা আতিথ্যৰ কথা।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্ক : শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত। কিছুদিন পূৰ্বে ড০ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্য্যৰ বিয়োগৰ পাছত শোক সন্তপ্ত পৰিয়ালবৰ্গক এষাৰ মাত দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকী দক্ষিণ শৰণীয়াৰ বাসগৃহত উপস্থিত হয়।

Advertisment

মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈয়ে পোনতে প্ৰয়াত বীণা ভট্টাচাৰ্য্যৰ প্ৰতিচ্ছবিত সেৱা নিবেদন কৰাৰ লগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছতে তেওঁ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্যৰ বাসগৃহৰ ভিতৰত উপস্থিত হৈ পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে কিছু সময় অতিবাহিত কৰে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে নিজৰ অনুভৱ ব্যক্ত কৰি উল্লেখ কৰে যে, “শ্ৰদ্ধেয় বীণা ভট্টাচাৰ্য এক অনুপ্ৰেৰণাদায়ী ব্যক্তিত্ব আছিল। যি অসমৰ সামাজিক-সাংস্কৃতিক পৰিসৰৰ এক দীঘল সময়ৰ সাক্ষী। 

আজিও মনত পৰে কৈশোৰৰ দিনৰ কথা — দক্ষিণ শৰণীয়াৰ তেখেতৰ ঘৰলৈ যোৱা, তেখেতে নিজে তৈয়াৰ কৰা পিঠা, চাহ আদিৰ আত্মীয়তা আৰু মৰমেৰে ভৰা আতিথ্যৰ কথা। ভগৱানৰ ওচৰত প্রাৰ্থনা জনালোঁ— তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু পৰিয়ালটোক মানসিক শক্তি আৰু ধৈৰ্য প্ৰদান কৰক“।

ড০ হিমন্ত বিশ্ব শৰ্মা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য