আইন-শৃংখলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ধুবুৰীৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ শুকুৰবাৰে ধুবুৰী চহৰত দিনৰ প্ৰায় ১১ বজাত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ধুবুৰীৰ আৱৰ্ত ভৱনত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
আইন-শৃংখলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ শুকুৰবাৰে ধুবুৰী চহৰত দিনৰ প্ৰায় ১১ বজাত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ধুবুৰীৰ আৱৰ্ত ভৱনত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। 

Advertisment

আনহাতে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ধুবুৰী ভ্ৰমণক কেন্দ্ৰ কৰি ধুবুৰী জিলা আৰক্ষী প্ৰশাসনেও সমগ্ৰ ধুবুৰী চহৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। ইপিনে আজি ধুবুৰীৰ হনুমান মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাৰ কাণ্ডকলৈ মুখ্যমন্ত্ৰীয়ে ধুবুৰীত নিশা শ্বুট এণ্ড ছাইটৰ কঢ়া নিৰ্দেশ দিয়ে।

নিশাৰ পৰাই ধুবুৰী চহৰত প্ৰযোজ্য হ'ব শ্বুট এণ্ড ছাইটৰ নিৰ্দেশনা।  যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টিকাৰীক গুলীৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। 

ধুবুৰীক বাংলাদেশেৰ মৌলবাদী শক্তিয়ে টাৰ্গেট কৰি লৈছে বুলি কৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া মই কেতিয়াও হ'ব নিদিওঁ। লাগিলে অহা ঈদত তেওঁ ধুবুৰীতে থাকিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়।

ধুবুৰী জিলাৰ সকলো দাগী অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে আজি সাংবাদিকৰ আগত কয় যে ধুবুৰী জিলাত গৰু বেপাৰী সক্ৰিয় হৈছে। গৰু বেপাৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

ড০ হিমন্ত বিশ্ব শৰ্মা