শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতিনিধি দলৰে সাক্ষ্যাৎ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ

শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতিনিধি দলৰে সাক্ষ্যাৎ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ

Published on

ডিজিটেল সংবাদ, বেবেজীয়া: উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ এটি প্ৰতিনিধি দলে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষ্যাৎ কৰে। অসম বিধানসভাৰ মুখ্যমন্ত্ৰীৰ আছুতীয়া কক্ষত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী পীযুষ হাজৰিকা, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত মিশ্যনৰ ভূমি সম্পৰ্কীয় সমস্যা, মিশ্যনৰ প্ৰস্তাৱিত অত্যাধুনিক চকু চিকিৎসালয়, শ্ৰীমন্ত শংকৰ মিশ্যনৰ চকু অস্ত্ৰোপ্ৰচাৰ কক্ষৰ সা-সামগ্ৰী আবণ্টন, বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ আন্তঃ গাঠনি উন্নয়ণ, ছাত্ৰাবাস নিৰ্মাণৰ বাবে আবেদন জনায়।

ইয়াৰোপৰি কাৰ্বি আংলং জিলাৰ ভূমিত থকা মিশ্যনৰ নতুন প্ৰকল্প স্থাপন কৰিবলৈ আৰু নগাঁও চহৰৰ পানীগাঁও ছয়‌আলিস্থিত ভূপেন হাজৰিকা কলাতীৰ্থৰ পৰিচালনা তথা চৰকাৰ আৰু মিশ্যনৰ মাজত বুজাবুজি চুক্তি সম্পন্ন কৰিবলৈ, লোকসেৱক হলধৰ ভূঞাক মৰণোত্তৰভাৱে পদ্ম বিভূষণ সন্মান প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাৰ ওচৰত আবেদন জনায়। তদুপৰি আগন্তুক নৱেম্বৰ মাহৰ শেষত শ্ৰীমন্ত শংকৰ মিশ্যনৰ মহাৰজত জয়ন্তী উৎসৱৰ মুকলি সভালৈ মুখ্যমন্ত্ৰীগৰাকীক শ্ৰীমন্ত শংকৰ মিশ্যনে আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনায়।

ইয়াৰোপৰি মিশ্যনৰ বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাক এখন স্মাৰক পত্ৰ প্ৰদান কৰি মিশ্যনৰ বাবে প্ৰতিবছৰে বাৰ্ষিক বাজেটত এটি বিত্তীয় অনুদান স্থায়ীভাৱে প্ৰদান কৰিবলৈ অনুৰোধ জনায়। মিশ্যনৰ এই আবেদনৰ ভিত্তিত বঢ়মপুৰৰ অন্ধ বিদ্যালয়ৰ আন্তঃ গাঠনি উন্নয়ণ তথা ছাত্ৰাবাস নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰিকাক দায়িত্ব প্ৰদান কৰাৰ লগতে মিশ্যনৰ ভূমি সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক দায়িত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে, শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰস্তাৱিত অত্যাধুনিক চকু চিকিৎসালয় তথা অস্ত্ৰোপচাৰৰ সা-সামগ্ৰী সমূ্হৰ আবণ্টৰ ক্ষেত্ৰত মন্ত্ৰী কেশৱ মহন্তক তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাই নিৰ্দেশনা দিয়ে। মুখ্যমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাৰ তাৎক্ষণিক কাৰ্য ব্যৱস্থা তথা মিশ্যনৰ সমস্যাৱলী সমাধান কৰাৰ ক্ষীপ্ৰ তৎপৰতাৰ বাবে শ্ৰীমন্ত শংকৰ মিশ্যন কৰ্তৃপক্ষই কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰ মিশ্যনৰ হৈ এই প্ৰতিনিধি দলত উপস্থিত থাকে সভাপতি প্ৰেমেশ্বৰ দাস, সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মা,যুটিয়া সম্পাদকদ্বয় মুনীন্দ্ৰ শইকীয়া,প্ৰদীপ শ‌ইকীয়া, নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: শৰৎ বৰকটকী, বিজেপি দলৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিত কুমাৰ নাথ আৰু মিশ্যনৰ অধীক্ষক ভৱজ্যোতি শ‌ইকীয়া।

শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতিনিধি দলৰে সাক্ষ্যাৎ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ
চিলাপথাৰত দিন-দুপৰতে চুৰিকাণ্ড: তলা ভাঙি লুটি নিলে দহ লক্ষাধিক টকাৰ সম্পত্তি
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in