শিল্প কলাৰ শিক্ষাৰ উন্নতিৰ বাবে ৩৮ শিক্ষাৰ্থীলৈ ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ আৰ্থিক সাহায্য

ৰাজ্যপাল ৰামেন ডেকাই শিল্প শিক্ষাৰ উন্নতিৰ বাবে ৰাজ্যপালৰ তহবিলৰ পৰা ১,৯০,০০০ টকাৰ আৰ্থিক সহায় প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। উপকৃত হ'ব উত্তৰ পূবৰ ৩৮ গৰাকী শিক্ষাৰ্থী।

author-image
Asomiya Pratidin
New Update
শিল্প কলাৰ শিক্ষাৰ উন্নতিৰ বাবে ৩৮ শিক্ষাৰ্থীলৈ ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ আৰ্থিক সাহায্য

ডিজিটেল ডেস্কঃ ছত্তিশগড়ৰ ৰাজ্যপাল ৰামেন ডেকাই শিল্প শিক্ষাৰ উন্নতিৰ বাবে তেওঁৰ ৰাজ্যপালৰ তহবিলৰ পৰা ১,৯০,০০০ টকাৰ আৰ্থিক সহায় প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। তেওঁৰ এই পদক্ষেপৰ ফলত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা শিল্প শিক্ষাৰ স্নাতক হোৱা অসম তথা উত্তৰ পূব অঞ্চলৰ মণিপুৰ, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ ৩৮ গৰাকী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব।

এই পদক্ষেপৰ ফলত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে ২০২৪-২৫ শিক্ষা বৰ্ষৰ বাবে ৫,০০০ টকাকৈ লাভ ৰৰিব। যাৰ জৰিয়তে তেওঁলোকে সংগীত আৰু চিত্রশিল্পত নিজৰ শিক্ষা আগবঢ়াই ৰাখিব পাৰিব।

ৰাজ্যপাল ডেকাই খইৰগড় জিলা পৰিদৰ্শনৰ সময়ছোৱাত বিশ্ববিদ্যালয়খনৰ দ্বাৰা আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীৰ মনোৰঞ্জনমূলক প্ৰতিভাৰ প্ৰশংসা কৰে। এই বিশ্ববিদ্যালয়খনলৈ প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভা বিকাশৰ বাবে আহে বুলি জানিব পৰা তেওঁ আনন্দিত হৈ পৰে।

১৯৫৬ চনত প্ৰতিষ্ঠিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয় হৈছে এছিয়াৰ একমাত্ৰ সংগীত বিশ্ববিদ্যালয়।ভাৰতীয় শাস্ত্ৰীয় সংগীত, নৃত্য, চিত্রশিল্প, নাটক আৰু লোকশিল্পৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে এই উচ্চ শিক্ষা প্ৰতিষ্ঠানখনে অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

এই প্ৰতিষ্ঠানৰ পৰা শিক্ষা আহৰণ কৰা বহু প্ৰতিভাৱান শিল্পী, সংগীতজ্ঞ আৰু নৃত্যশিল্পী ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰিসৰত উদ্ভাসিত হৈ উঠিছে। বিশ্ববিদ্যালয়খন দেশৰ লগতে বিদেশৰো বহু ছাত্ৰ-ছাত্ৰীৰ বাবে এক সম্মানিত কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।

ছত্তিশগড় ৰমেন ডেকা