পৰ্যটকক আকৰ্ষিত কৰা শ্বিলঙৰ ‘চেৰী ব্লছম উৎসৱ’

চেৰী ব্লছম উৎসৱ,অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত প্ৰতি বছৰি পালন কৰা এক উল্লেখনীয় উৎসৱ। প্ৰতি বছৰে নৱেম্বৰত পূৱৰ খাচী পাহাৰবোৰ হিমালয়ৰ চেৰী ফুলৰ দ্বাৰা সজীৱ হৈ ফুলি উঠে।

author-image
Asomiya Pratidin
New Update
পৰ্যটকক আকৰ্ষিত কৰা শ্বিলঙৰ ‘চেৰী ব্লছম উৎসৱ’

চেৰী ব্লছম উৎসৱ

ডিজিটেল ডেস্ক: চেৰী ব্লছম উৎসৱ,অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত প্ৰতি বছৰি পালন কৰা এক উল্লেখনীয় উৎসৱ। প্ৰতি বছৰে নৱেম্বৰত পূৱৰ খাচী পাহাৰবোৰ হিমালয়ৰ চেৰী ফুলৰ দ্বাৰা সজীৱ হৈ ফুলি উঠে। ‘চেৰী ব্লছম উৎসৱ’ মেঘালয়ৰ এই প্ৰাকৃতিক পৰিঘটনাৰ প্ৰতিয়েই সমৰ্পিত।এই সময়ছোৱাত গোটেই অঞ্চলটো একপ্ৰকাৰ চেৰী ফুলৰ স্বৰ্গলৈ ৰূপান্তৰিত হয়, যিয়ে পূৱ খাচী পাহাৰ আৰু শ্বিলঙক জীৱন্ত গুলপীয়া ৰঙলৈ পৰিণত কৰে।চেৰী ব্লছম উৎসৱ হিমালয়ৰ চেৰী ফুল ফুলাৰ অনন্য সৌন্দৰ্য প্ৰদৰ্শন কৰাৰ সুযোগ হিচাপে আৰম্ভ হৈছিল।এই উৎসৱটো আৰু অধিক আকৰ্ষণীয় কৰি তুলিবলৈ বহুতো সংগীত অনুষ্ঠানৰো আয়োজন কৰা হয়।

Advertisment

‘চেৰী ব্লছম উৎসৱ’ ২০১৬ চনৰ পৰা পালন কৰি অহা হৈছে।এই সময়ছোৱাত কাহিনী কোৱা, বাইক ৰেলী, লাইভ সংগীত, নৃত্য প্ৰতিযোগিতাৰ পৰা সৌন্দৰ্য প্ৰতিযোগিতাৰ লগতে আঞ্চলিক কলা আৰু কাৰুশিল্প বিক্ৰী কৰা বুথসমূহ জীৱন্ত হৈ পৰে।এই উৎসৱে ৰাজ্যখনলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ বাবেই মেঘালয় চৰকাৰে এই উৎসৱটোক সম্পূৰ্ণভাৱে সমৰ্থন কৰে।

২০১৬চনৰ ১৪ নৱেম্বৰত প’ল’ গ্ৰাউণ্ডত মেঘালয়ৰ ৰাজধানী শ্বিলঙত প্ৰথম বাৰৰ বাবে ‘চেৰী ব্লছম উৎসৱ’ৰ পালন কৰা হৈছিল। মেঘালয়ৰ তদানিন্তন মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই এই উৎসৱৰ অনুষ্ঠানটোৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে।

এই উৎসৱত পৰ্যটকসকলে চেৰী ফুলৰ মনোৰম দৃশ্য উপভোগ কৰি স্থানীয় সুস্বাদু খাদ্য উপভোগ কৰাৰো সুযোগ লাভ কৰে।এই উৎসৱ বিশেষকৈ প’ল’ গ্ৰাউণ্ডত পালন কৰা হয় যদিও  গল্ফ কোৰ্চ,ৱাৰ্ডছ হ্ৰদ,ৰাজ্যিক সন্মিলন কেন্দ্ৰ,জে এন ষ্টেডিয়াম, প’ল’ ইনড'ৰ ষ্টেডিয়াম আদি ঠাইলৈও এই উৎসৱ বিয়পি পৰে।এই আটাইকেইখন ঠাইতেই পৰ্যটকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়।পৰ্যটকসকলে এই সময়ছোৱাত শ্বিলঙৰ একা-বেকা বাটত শাৰী শাৰী পাইন গছৰ সৌন্দৰ্য্যও উপভোগ কৰিব পাৰে।

‘চেৰী ব্লছম উৎসৱ’ত পৰ্যটকৰ ভিৰ হোৱাৰ আন এক মূল কাৰণ হৈছে ইয়াৰ যোগাযোগ ব্যৱস্থা।মূল ঠাই প’ল’ গ্ৰাউণ্ডৰ পৰা এই উৎসৱ পালন কৰা আটাইকেইখন ঠাইলৈ সকলো খোজকাঢ়ি অহা-যোৱা কৰিব পাৰে।শ্বিলঙৰ আন এক জনপ্ৰিয় পৰ্যটন স্থলী ৱাৰ্ডছ লেক।ইয়াৰ মনোৰম কাঠৰ দলং, সেউজীয়া পাহাৰ আৰু ভাস্কৰ্যযুক্ত বাগিচা চাবলৈ এই সময়ছোৱাত পৰ্যটকসকলে যথেষ্ট ভিৰ কৰে।

‘চেৰী ব্লছম উৎসৱ’ চাবলৈ গ'লে আপুনি মেঘালয়ৰ আন আন পৰ্যটনস্থলীৰ সৌন্দৰ্য্যও উপভোগ কৰিব পাৰে।আপুনি চাবলগীয়া এনে কেইটামান পৰ্যটনস্থলী হৈছে-

১)এলিফেন্ট ফলছ।

২)মৌলিংনং।

৩)শ্বিলং ভিউ পইণ্ট।

৪)শ্বিলং পিক।

৫)এয়াৰ ফ'ৰ্চ মিউজিয়াম।

৬)লেডী হাইদৰী পাৰ্ক।

৭)ছুইট ফলছ।

৮)এভাৰ লিভিং মিউজিয়াম।

৯)লুমপংডেং হ্ৰদ।

১০)খাচী হেৰিটেজ ভিলেজ।

Also Read: 10 Best Picnic Spots in Assam: অসমৰ কেইখনমান উল্লেখনীয় বনভোজস্থলী

cherry blossom festival cherry blossom festival shillong