New Update
/asomiyapratidin/media/media_files/2025/03/08/jEiWC43JozlpXSQuop85.jpg)
চেক বিতৰণ
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ বডোফা সাংস্কৃতিক প্ৰকল্পত শনিবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে প্ৰাক্তন এন ডি এফ বিৰ সদস্যসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ প্ৰাক্তন এন ডি এফ বিসকলৰ পুণৰসংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰৰ উদ্যোগত অনুষ্ঠিত চেক বিতৰণী অনুষ্ঠানৰ জৰিয়তে সৰ্বমুঠ ৫৯০ গৰাকী সদস্যক ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য অনুদানৰ চেক প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথৰ উপস্থিতত উক্ত চেকসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । এই উপলক্ষে আজি বডোফা সাংস্কৃতিক প্ৰকল্পত আয়োজিত হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।
/asomiyapratidin/media/media_files/2025/03/08/7DM2yw30drenMXqQxhLD.jpg)
অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথৰ উপস্থিতত প্ৰমোদ বড়োৱে চেক বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতেই একাদিক্ৰমে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘল, উৰ্খাও গৌৰা ব্ৰহ্ম , সাংসদ জয়ন্ত বসুমতাৰী, ৰৌণগৌৰা নাৰ্জাৰী , এবছুৰ সভাপতি দ্বীপেন বড়ো , বিধায়ক লৰেঞ্চ ইছলাৰী , বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে সজল সিংহ , চাইখং বসুমতাৰী, ৰঞ্জিত বসুমতাৰীয়ে প্ৰাক্তন এন ডি এফ বি সদস্যসকলৰ হাতত আনুষ্ঠানিকভাৱে চেক তুলি দিয়ে ।
ইপিনে উক্ত অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰাক্তন এনডিএফবি সদস্যসকলৰ পুণৰসংস্থাপনৰ বাবে চৰকাৰে আগবঢ়োৱা ৪ লাখ টকা সদ্ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সংঘৰ্ষ বহু হ'ল , সংঘৰ্ষ এতিয়া অন্ত পৰিল আৰু সেয়ে এতিয়া সকলোৱে নিৰ্মানৰ কামত অগ্ৰাধিকাৰ দিয়া উচিত বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।
/asomiyapratidin/media/media_files/2025/03/08/udQibrZSaeVAOKgQc0nP.jpg)
লগতে প্ৰাক্তন এনডিএফবিৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সকলো প্ৰাক্তন এনডিএফবিৰ পৰিয়াল - সদস্যৰ কুশল কামনা কৰে । বৰ্তমানৰ চৰকাৰে সমস্যাসমূহ বুজি পোৱা বাবেই এতিয়া প্ৰায়ভাগ সমস্যাৰ সমাধান হ'ল বুলি মন্তব্য কৰি বৰ্তমানলৈকে ৪,২০৩ গৰাকী প্ৰাক্তন এনডিএফৰ সদস্যক পুণৰসংস্থাপনৰ বাবে আৰ্থিক অনুদান দিয়া হৈছে আৰু মাথো অতি কমসংখ্যক সদস্যকহে অনুদান দিবলৈ বাকী আছে বুলি কয় প্ৰমোদ বড়োৱে ।
পুণৰসংস্থাপনৰ ৯৯ শতাংশ কামেই সম্পূৰ্ণ হ'ল আৰু মাথোঁ নাম ভুল বা অন্যান্য কাৰণত কেইজনমান সদস্যকহে ৰৈ গ’ল যদিও সেয়াও অতি শীঘ্ৰে সম্পাদন কৰা হ'ব বুলি মন্তব্য কৰি সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে বিশেষভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এডিজিপি হীৰেন নাথক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে প্ৰমোদ বড়োৱে । অশান্তজৰ্জৰ অঞ্চলটোত সংঘৰ্ষ অন্ত পৰিছে আৰু এতিয়া নিৰ্মানৰ সময় আৰম্ভ হৈছে বুলি মন্তব্য কৰি উন্নয়নৰ ধাৰাত সকলোকে চামিল হ’বলৈ আহ্বান জনাই প্ৰমোদ বড়োৱে ।
/asomiyapratidin/media/media_files/2025/03/08/bqetqsxobUPlp4mueCRL.jpg)
বিটিআৰ চুক্তিৰ কেইটামান দফাহে ৰূপায়ন হ’বলৈ বাকী আছে আৰু সেয়া ৰূপায়ন কৰিবলৈ হ’লে সংবিধান সংশোধনৰ প্ৰয়োজন বুলি মন্তব্য কৰি বিটিআৰ চুক্তিৰ অৱশিষ্ট দফাসমূহো সোনকালেই ৰূপায়ন হ'ব বুলি আশা কৰে। তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগতে ৰাজ্যৰ সশস্ত্ৰ সংগঠনৰ সদস্যসকল মূলসুঁতিলৈ ঘূৰি আহিছে আৰু বৰ্তমান তেওঁলোক শান্তিৰে জীৱন নিৰ্বাহ কৰি আছে বুলি মন্তব্য কৰে।
একেদৰে মন্ত্ৰী অশোক সিংহলে ভাষণ প্ৰসংগত শান্তিৰ বড়োলেণ্ডত আৰু যাতে কোনো অশান্তি নহয় তাৰ বাবে সকলোকে দায়িত্ব ল’বলৈ আহ্বান জনায়। এটা সময়ত অঞ্চলটোত অশান্তি আছিল কিন্তু কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰত প্ৰমোদ বড়োৱে দায়িত্বভাৰ লোৱাৰ পিছতে উত্তৰ-পূৱৰ ভাগ্য উদয় হৈছে আৰু সমগ্ৰ অঞ্চলটোত শান্তি -উন্নয়ন ত্বৰাম্বিত হৈছে বুলি মন্তব্য কৰে।
/asomiyapratidin/media/media_files/2025/03/08/gCYtSSsXNRfWXc5wgHu9.jpg)
ইপিনে অনুষ্ঠানত এবছুৰ সভাপতি দ্বীপেন বড়োৱে উপস্থিত থাকি ২০২০ চনৰ ২৭ জানুৱাৰীত বড়ো শান্তি চুক্তি সম্পাদন হোৱাৰ পিছতে অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে আৰু ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । তদুপৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেন নাথে পুণৰসংস্থান আৰু চুক্তি ৰূপায়নৰ কাম আন্তৰিকতাৰে কৰাৰ বাবে এবছুৰ সভাপতি দ্বীপেন বড়োৱে হীৰেন নাথৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।
প্ৰণিধানযোগ্য যে আজিৰ চেক বিতৰণী অনুষ্ঠানত প্ৰায় সহস্ৰাধিক প্ৰাক্তন এনডিএফবিৰ সদস্য , তেওঁলোকৰ পৰিয়ালবৰ্গ, বিটিআৰৰ আইজিপি বিবেকৰাজ সিং, কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।