নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ তোৰণ নিৰ্মাণৰ চেক প্ৰদান বিধায়ক ৰূপক শৰ্মাৰ

এতিয়া মেধাৰ সময়। ছাত্ৰ - ছাত্ৰীসকলে মেধাৰ দিশত সৰ্বাধিক গুৰুত্ব দিয়া প্ৰয়োজন। তেতিয়াহে ছাত্র - ছাত্ৰীসকল বৰ্তমানৰ প্ৰতিযোগিতাৰ বতৰত তিষ্ঠি থাকিব পাৰিব- এই মন্তব্য নগাঁও - বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ তোৰণ নিৰ্মাণৰ চেক প্ৰদান বিধায়ক ৰূপক শৰ্মাৰনগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ তোৰণ নিৰ্মাণৰ চেক প্ৰদান বিধায়ক ৰূপক শৰ্মাৰ

নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ তোৰণ নিৰ্মাণৰ চেক প্ৰদান বিধায়ক ৰূপক শৰ্মাৰ

ডিজিটেল সংবাদ, বেবেজীয়া : এতিয়া মেধাৰ সময়। ছাত্ৰ - ছাত্ৰীসকলে মেধাৰ দিশত সৰ্বাধিক গুৰুত্ব দিয়া প্ৰয়োজন। তেতিয়াহে ছাত্র - ছাত্ৰীসকল বৰ্তমানৰ প্ৰতিযোগিতাৰ বতৰত তিষ্ঠি থাকিব পাৰিব- এই মন্তব্য নগাঁও - বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।

Advertisment

উল্লেখযোগ্য যে, সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা নগাঁৱৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান খাগৰিজান মহাবিদ্যালয়ত সোমবাৰে মহাবিদ্যালয়ৰ তোৰণ নিৰ্মাণৰ চেক প্ৰদান কৰি এই মন্তব্য কৰে বিধায়ক শৰ্মাই। এই উপলক্ষে মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি বিধায়ক শৰ্মাই কয় যে, ছাত্ৰ - ছাত্ৰী সকল মেধাৰ পিছত দৌৰা উচিত। তেতিয়াহে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব।   নিজৰ শিক্ষক পিতৃ প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ কথা প্ৰসঙ্গক্ৰমে উল্লেখ কৰি ছাত্ৰ - ছাত্ৰী সকলে সফলতা আনিবলৈ প্ৰয়াস কৰিব লাগিব। এতিয়া শিক্ষা , নিযুক্তিৰ ক্ষেত্ৰত মেধাৰ  প্ৰয়োজন। 

নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ তোৰণ নিৰ্মাণৰ চেক প্ৰদান বিধায়ক ৰূপক শৰ্মাৰ

আগতে নিযুক্তি পাবৰ বাবে ধনৰ লেনদেন হৈছিল। এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত এপইচাও নিদিয়াকৈ একমাত্ৰ মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়াসত অসমত এক সুস্থ শৈক্ষিক বাতাবৰণ গঢ় লৈ উঠিছে। নগাঁৱতো শৈক্ষিক পৰিবেশ উন্নত হোৱাৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে, নগাঁৱত বিশ্ববিদ্যালয় ,চিকিৎসা মহাবিদ্যালয়কে ধৰি  উন্নত শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। 

নগাঁও চহৰক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। এতিয়া কলঙৰপাৰৰ নগাঁৱলৈ অহা লোক সকলে অনাবিল আনন্দ লাভ কৰাৰ সুযোগ পাব। ভাষণ প্ৰসঙ্গত তেওঁ নগাঁৱত নিৰ্মাণ হৈ থকা কেবাটাও প্ৰকল্পৰ কথা উল্লেখ কৰে। 

সভাত আদৰণি ভাষণ প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেশ নাথে মহাবিদ্যালয়ৰ আন্তঃ গাঁথনি উন্নয়নৰ বাবে বিধায়ক ৰূপক শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। তেওঁ কয় যে, বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ শৈক্ষিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। 

নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ তোৰণ নিৰ্মাণৰ চেক প্ৰদান বিধায়ক ৰূপক শৰ্মাৰ

সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ দিলীপ শৰ্মাই বিধায়ক ৰূপক শৰ্মাৰ উন্নয়নমূলক কাম কাজৰ প্ৰশংসা কৰে। অধ্যাপক ৰাইহানুল আহমেদে আঁত ধৰা সভাত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ - ছাত্ৰী সন্মিলনৰ সভাপতি তথা সাংবাদিক কনক হাজৰিকা , নিবন্ধকাৰ--সাংবাদিক দেৱজিৎ হাজৰিকা , ভাস্কৰ্য শিল্পী হৰজিৎ সিং , মহাবিদ্যালয়ৰ অধ্যাপক - অধ্যাপিকা ,ছাত্র - ছাত্ৰী সকল উপস্থিত থাকে। সভাতেই মহাবিদ্যালয়ৰ তোৰণ নিৰ্মাণৰ বাবে বিধায়কগৰাকীয়ে ৭ লাখ টকাৰ এখন চেক প্ৰদান কৰে।

নগাঁও ৰূপক শৰ্মা