/asomiyapratidin/media/media_files/2026/01/08/new-ap-web-4-4-2026-01-08-11-55-48.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি বিধানসভা সমষ্টিৰ ৩২,৮৯২ গৰাকী উদ্যোগী মহিলাক বুধবাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০,০০০ টকাকৈ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড০ শৰ্মাই চেক বিতৰণৰ কাৰ্যসূচীৰ মাজতে মহিলা আত্মসহায়ক গোটৰ সভাত কংগ্ৰেছ দলক কেৱল গালি পাৰিয়েই পোনপটীয়াকৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ভোট ভিক্ষা কৰা বুলি জানিব পৰা গৈছে ৷
ভাষণত ড০ শৰ্মাই কয় যে, কংগ্ৰেছৰ দিনত লাখপতি মহিলাৰ আঁচনিও নাছিল, কংগ্ৰেছৰ দিনত অৰুনোদয় আঁচনিও নাছিল। মহিলাৰ উন্নতি কংগ্ৰেছ চৰকাৰে বিচৰা নাছিল, আছিল কেৱল সুতা কম্বল। যাৰ ফলত ধূতি আৰু লুঙিসকলৰ ভোট বেংক কৰিছিল কংগ্ৰেছে ৷
তেলিজানস্থিত দেউৰীবিল পথাৰত অনুষ্ঠিত হোৱা চেক বিতৰণৰ বিশাল সভাত ভাষণত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, মহিলাসকল সৱলীকৰণ হ'লেহে পৰিয়ালৰ উন্নতি হ'ব আৰু পৰিয়ালৰ উন্নতি হ'লেহে অসমৰ উন্নতি হ'ব। তেতিয়া দেশৰ উন্নতি হ'ব বুলি উল্লেখ কৰে ৷
মুখ্যমন্ত্ৰীয়ে কয়- কংগ্ৰেছে দেশখন লুটিপুটি খালে, মহিলাৰ বাবে বা পৰিয়ালৰ বাবে কোনো আঁচনি লোৱা নাছিল। আঁচনি লৈছিল কংগ্ৰেছ নেতাৰ উন্নয়নৰ বাবে ৷ সেয়েহে অহা বিধানসভাৰ নিৰ্বাচনত অৰুনোদয় আৰু লাখপতি আঁচনি বাইদেউ সকলে বিজেপিকে ভোট দিব বুলি মুকলিকৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিবলৈ অনুৰোধ জনায় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-image-2-2026-01-08-11-51-58.jpeg)
উল্লেখ্য যে মহিলা উদ্যমিতা অভিযানৰ অধীনত ধেমাজি সমষ্টিত গ্ৰাম্য আৰু চহৰ অঞ্চলৰ ২৯৫৭ টা আত্মসহায়ক গোটৰ সৰ্বমুঠ ৩২,৮৯২ গৰাকী মহিলাৰ প্ৰতিগৰাকীক ১০ হেজাৰ টকাৰ চেক বিতৰণ কৰে। এই ধনৰ পৰা সৰু সৰু ব্যৱসায় আৰম্ভ কৰি গ্ৰাম্য অৰ্থনীতিৰ অন্যতম অংশ আত্মসহায়ক গোট সমূহৰ শক্তি শালী কৰণৰ জৰিয়তে নাৰীশক্তিক আৰু অধিক শক্তিশালী গতি প্ৰদান কৰাৰ লক্ষ্যৰে এই আঁচনি আৰম্ভ কৰি অসমৰ সামগ্ৰিক অৰ্থ ব্যৱস্থাৰ ভেটি শক্তিশালী কৰাত সৰ্বাধিক মুখ্যমন্ত্ৰীয়ে গুৰুত্বআৰোপ কৰে ৷
পুনৰ ভাষণত তেওঁ কংগ্ৰেছ দিনত ধেমাজি বানপানীৰ বাবে বিখ্যাত আছিল কিন্তু এতিয়া ধেমাজি উন্নয়নৰ বাবে, বিখ্যাত হ'ল বুলি উল্লেখ কৰি এসময়ৰ কলিয়াপানীখ্যাত ধেমাজিত মেডিকেল কলেজ , ইঞ্জিনিয়াৰিং কলেজ হ'ল, বগীবিল দলং হ'ল বুলি উল্লেখ কৰে। ইফালে সাংবাদিকে বিৰোধী কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ, ৰাইজৰ দলৰ নেতা অখিল গগৈ আৰু অজাপৰ নেতা লুৰীণজ্যোতি গগৈসহ তিনি গগৈ লগ হোৱাত শাসনাধিষ্ঠিত বিজেপি দলৰ টোপনি হৰণ হোৱাৰ প্ৰশ্ন সোধাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিৰোধীৰ তিনি গগৈ মিলিলেও কাম নহ'ব । কাৰণ বিজেপিৰ বহু গগৈ আছে বুলি উল্লেখ কৰি কংগ্ৰেছ তীব্ৰ কটাক্ষ কৰে ।
বিজেপি মিত্ৰজোঁটৰ সৈতে আসন ভাগ বিতৰণৰ সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো আসন বিতৰণৰ কাম হৈ যাব বুলি উল্লেখ কৰে ৷ ইতিমধ্যে এই সংক্ৰান্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰা লগতে মিত্ৰজোঁটৰ অতুল বৰা, প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী সৈতেও কথাবাৰ্তা হৈছে ৷ একো অসুবিধা হোৱা নাই বুলি উল্লেখ কৰি সুন্দৰকৈ অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত আসন বিতৰণৰ কাম সকলো হৈ যাব বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷
চেক বিতৰণৰ শুভাৰম্ভ অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডা° ৰনোজ পেগু, অসম চৰকাৰৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সোনোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, ধেমাজি জিলা পৰিষদৰ উপসভাপতি ক্ষমালী দেউৰী দৈমাৰী, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, ধেমাজি পৌৰসভাৰ সভানেত্ৰী দ্বীপৰেখা দাসবাঘ্ৰী, মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনিল পেগু, চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী লাৱন্য পাইট, অগপৰ ধেমাজি জিলা সমিতিৰ সভাপতি লক্ষীধৰ শেনচোৱা আদি উপস্থিত থাকে ৷
ইফালে মুখ্যমন্ত্ৰীৰ চেক বিতৰণৰ সভালৈ অহা আত্মসহায়ক গোটৰ মহিলাৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুটা পৃথক স্থানত দুৰ্ঘটনাত পতিত হৈ ২০ গৰাকী মহিলাসহ দুজন পুৰুষ আঘাতপ্ৰাপ্ত । মহিলা উদ্যমিতাৰ চেক ল'বলৈ পুৱা ৬ বজাতে সভা স্থলীলৈ আহিছিল মহিলা সকল ।
উক্ত দুৰ্ঘটনাত পতিত হোৱা ২০ গৰাকী মহিলাৰ ভিতৰত পুষ্পা চুতীয়া নামৰ মহিলা গৰাকী গুৰুতৰভাৱে আহত হয় । বৰদলনিৰ পুষ্পা চুতীয়া নামৰ মহিলা গৰাকীৰ সোঁ হাতত দুডালকৈ হাড় ভাঙিছে বুলি জানিব পৰা গৈছে ৷
ধেমাজি দেউৰীবিলত অনুষ্ঠিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ অনুষ্ঠানলৈ অহা এখন বাছ আৰু এখন ই-ৰিক্সা দুৰ্ঘটনাত পতিত হয় । যদিও আঘাতপ্ৰাপ্ত সকলোকে ততাতৈয়াকৈ জিলা প্ৰশাসনে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰে ৷ উল্লেখ্য যে, ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিতঃ হোৱাৰ আশংকা কৰা হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us