/asomiyapratidin/media/media_files/2024/12/14/oHBF1KeCLPEB8gANZs6o.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ বানৰ ফলত খেতি বিনষ্ট হোৱা,পশুধন বিনষ্ট হোৱা, শিলাবৃষ্টিৰ ফলত টিনপাত নষ্ট হোৱা, প্ৰাকৃতিক দুৰ্যোগত ঘৰ-বাৰী নষ্ট হোৱা আদিৰ ক্ষতিপুৰণ হিচাপে আজি হিতাধিকাৰীক চেক বিতৰণ কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে। অসম চৰকাৰৰ উদ্যোগ,বিত্ত আৰু ৰাজহ বিভাগৰ দ্বাৰা ৰূপায়িত হোৱা উক্ত বিভিন্ন আঁচনিৰ অধীনত আজি বডোফা সাংস্কৃতিক প্ৰকল্পত আয়োজিত হোৱা হিতাধিকাৰীৰ চেক বিতৰণ অনুষ্ঠানত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে আনুষ্ঠানিকভাৱে ১৫ গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰে।
উল্লেখ্য যে কোকৰাঝাৰত সৰ্বমুঠ ৪৫৮৬ গৰাকী হিতাধিকাৰী আছে আৰু দুই -এদিনৰ ভিতৰতে উক্ত হিতাধিকাৰিৰ বেংক একাউণ্টত পোনপটীয়াভাৱে সাহাৰ্যৰ ধনৰাশি প্ৰাপ্ত হ'ব। কোকৰাঝাৰ জিলাৰ পৰা বাচনিভুক্ত হোৱা সৰ্বমুঠ ৪৫৮৬ গৰাকী হিতাধিকাৰীৰ ভিতৰত ৪১৬৭ গৰাকী হ'ল কৃষক, যিসকলৰ প্ৰাকৃতিক দুৰ্যোগত খেতি নষ্ট হৈছিল । আনহাতে কাপোৰ-কানি আৰু সা- সামগ্ৰী নষ্ট হোৱা হিতাধিকাৰীৰ সংখ্যা হ'ল ৮১ গৰাকী।
পশুধন উটি যোৱা হিতাধিকাৰীৰ সংখ্যা ১৬ গৰাকী , ধুমুহা-শিলাবৃষ্টিত ঘৰ নষ্ট হোৱা হিতাধিকাৰীৰ সংখ্যা হ'ল ৩২২ গৰাকী। ইয়াৰে ভিতৰত ১৫ গৰাকী হিতাধিকাৰীৰ ঘৰ প্ৰাকৃতিক দুৰ্যোগত সম্পূৰ্ণৰূপে ধ্বংস হৈছিল । ইয়াৰ ভিতৰত আজি ৰবিন হেমব্ৰম , ফুলমনি মুৰ্মু আৰু মাইনাও মুৰ্মক গাইপতি ১২০০০০ টকাৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে।
ইয়াৰোপৰি NULM ৰ অধীনত অঞ্জুলী বসুমতাৰীক ৪০ হাজাৰ , বিদাংশ্ৰী আত্মসহায়ক গোটক ২৫ হাজাৰ , ৰজ আত্মসহায়ক গোটক ২৫ হাজাৰকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয় । আনহাতে ASRLMৰ অধীনত মুনমী ৰায়, নমিতা বিশ্ব দাস , বিনা বালা নাৰ্জাৰী , ব্ৰিজিনা ব্ৰহ্ম , অঞ্জলী ব্ৰহ্মক গাইপতি ৪০ হাজাৰকৈ দিয়া হয় । আনহাতে মাইক্ৰফাইনেঞ্চৰ ঋণগ্ৰস্থ ১১৯ গৰাকী হিতাধিকাৰীক আজি ঋণমুক্ত চাৰ্টিফিকেট প্ৰদান কৰা হয়। তদুপৰি চীড কেপিটেল আঁচনিৰ অধীনত ৩৩১ গৰাকী হিতাধিকাৰীক আৰ্থিক সাহাৰ্য প্ৰদান কৰে।