৫০ গৰাকী মেধাৱী শিক্ষাৰ্থীক উচ্চতৰ মাধ্যমিকৰ দুটা বৰ্ষ বিনামূলীয়াকৈ পঢ়োৱাৰ সিদ্ধান্ত...

মাত্ৰ ব্যৱসায়িক দৃষ্টিভংগীৰে নাচাই আৰ্থিক ভাবে দুৰ্বল ৫০ গৰাকীকৈ মেধাৱী শিক্ষাৰ্থীক বিনামূলীয়াকৈ পঢ়োৱাৰ বাবে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰে।

author-image
Asomiya Pratidin
New Update
zxz

ডিজিটেল সংবাদ,ছয়দুৱাৰঃ  উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰৰ অন্যতম আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনে আৰ্থিক ভাবে দুৰ্বল মেধাৱী শিক্ষাৰ্থী সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি সামাজিক দায়বদ্ধতা দাঙি ধৰিছে। উচ্চ মানৰ শৈক্ষিক প্ৰতিষ্ঠানখনৰ আটকধুনীয়া পৰিৱেশ আৰু উন্নত শৈক্ষিক পদ্ধতিক কেৱল মাত্ৰ ব্যৱসায়িক দৃষ্টিভংগীৰে নাচাই আৰ্থিক ভাবে দুৰ্বল ৫০ গৰাকীকৈ মেধাৱী শিক্ষাৰ্থীক বিনামূলীয়াকৈ পঢ়োৱাৰ বাবে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰে।

Advertisment

আজি এই সম্পৰ্কে এক সংবাদমেল সম্বোধন কৰি আৱাসিক বিদ্যালয়খনৰ অধ্যক্ষ জয়ন্ত শইকীয়াই কয় যে শৈলজা সংকল্প ট্ৰাষ্টৰ অধীনত পৰিচালিত শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰ্থিক ভাবে দুৰ্বল ৫০ গৰাকী মেধাৱী শিক্ষাৰ্থীক বিনামূলীয়াকৈ পঢ়োৱাৰ বাবে বিদ্যালয়খনত ৫০ টা আসন বিশেষ ভাবে সংৰক্ষিত কৰিছে।

উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ বাবে উপযুক্ত সুবিধা দি উক্ত ৫০ গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ মেধাৱী শিক্ষাৰ্থীক নামভৰ্ত্তিৰ পৰা আৰম্ভ কৰি হোষ্টেলত থকা-খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা বিনামূলীয়া কৰাৰ কথা সংবাদ মেল খনৰ জৰিয়তে ঘোষণা কৰে অধ্যক্ষ জয়ন্ত শইকীয়াই। ইয়াৰ বাবে আগ্ৰহী শিক্ষাৰ্থী সকলে অহা ২৩ এপ্ৰিলত বিদ্যালয়খনত আয়োজন কৰা স্কলাৰ্ছ শ্বীপ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।

উক্ত পৰীক্ষাৰ ফলাফলত নিৰ্ধাৰিত কাট অফ মাৰ্কৰ ভিত্তিত শিক্ষাৰ্থী সকলৰ নাম তালিকা বাছনি কৰা হ'ব বুলি উল্লেখ কৰে জয়ন্ত শইকীয়াই।অসমৰ যি কোনো প্ৰান্তৰ উপযুক্ত শিক্ষাৰ্থীয়ে ল'ব পাৰিব এই সুবিধা।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হোৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থী সকলক শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰে আগবঢ়োৱা এই শৈক্ষিক সেৱাৰ অংশীদাৰ হ'বলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি সংবাদ মেলখনৰ জৰিয়তে  আহ্বান জনাইছে অধ্যক্ষ জয়ন্ত শইকীয়াই।

গহপুৰ