/asomiyapratidin/media/media_files/2025/04/18/3G2E6qZjF2OwpAfMq3fL.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: বস্তুবাদী সমাজ ব্যৱস্থাৰ ব্যক্তিকেন্দ্ৰীক চিন্তা-চেতনাক একাষৰীয়া কৰি স্থানীয় এখন বিদ্যালয়লৈ পত্নীৰ পবিত্ৰ স্মৃতিত এটা বিশাল আকাৰৰ পকী প্ৰেক্ষাগৃহ মুক্ত মনেৰে আগবঢ়াই মহানুভৱতা দাঙি ধৰিলে বৰঙাবাৰীৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী শংকৰলাল আগৰৱালাই।
জীৱনৰ সুদীৰ্ঘ দিন সমাজৰ বাবে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা শংকৰলাল আগৰৱালাই এই প্ৰেক্ষাগৃহটো আগবঢ়াই বৰঙাবাৰীৰ যাদৱ গোস্বামী জাতীয় বিদ্যালয়লৈ। ৮০ ফুট দৈৰ্ঘ্য আৰু ৪০ ফুট প্ৰস্থৰ প্ৰায় ১২ লক্ষাধিক ব্যয় সাপেক্ষে নিৰ্মিত এই প্ৰেক্ষাগৃহটো প্ৰয়াত পত্নী ইন্দিৰা আগৰৱালাৰ পবিত্ৰ স্মৃতিত উৎসৰ্গা কৰে শংকৰলাল আগৰৱালাই।
যাদৱ গোস্বামী জাতীয় বিদ্যালয়ৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ আজি প্ৰথম দিনাৰ কাৰ্য্যসূচীত পুৱা প্ৰায় ১০ বজাত আনুষ্ঠানিকভাৱে উক্ত প্ৰেক্ষাগৃহটোৰ দ্বাৰ মুকলি কৰে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিল বৰুৱাই। দ্বাৰ মুকলি কৰি দিয়া ভাষণত শিক্ষাবিদ অনিল বৰুৱাই কয় যে শংকৰলাল আগৰৱালাই সমাজৰ বাবে যিখিনি কাম কৰি আহিছে সেয়া সঁচাকৈয়ে অতুলনীয়।
ইয়াৰ পূৰ্বেও শংকৰলাল আগৰৱালাই প্ৰায় ৮ লক্ষাধিক টকা ব্যয়ৰে পিতৃ নৰংৰায় আগৰৱালাৰ পবিত্ৰ স্মৃতিত শ্ৰেণী কোঠা নিৰ্মাণ কৰি যাদৱ গোস্বামী জাতীয় বিদ্যালয়লৈ আগবঢ়াইছিল।উদ্বোধনী ভাষণত অনিল বৰুৱাই লগতে কয় যে,এনেদৰে সমাজৰ বাবে সেৱা কৰি যাবলৈ শংকৰলাল আগৰৱালাক ভগৱানে আৰু শক্তি দিয়ক। ৰূপালী জয়ন্তীৰ এই পবিত্ৰ ক্ষণত বিদ্যালয়খনলৈ প্ৰেক্ষাগৃহটো আগবঢ়াই যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে প্ৰয়াত ইন্দিৰা আগৰৱালাৰ স্বামী শংকৰলাল আগৰৱালাৰ লগতে পৰিয়ালবৰ্গই।
ইপিনে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী সমাৰোহৰ আজিৰ এই প্ৰথম দিনৰ কাৰ্য্যসূচীতে প্ৰয়াত মুক্তিযোদ্ধা থুলেশ্বৰ ৰাজখোৱাৰ পবিত্ৰ স্মৃতিত পৰিয়ালবৰ্গই আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা মূল আদৰণি তোৰণখনৰ দ্বাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত শৈল্য চিকিৎসক ডা: কৃষ্ণ দে'ই।
আজিৰ এই অনুষ্ঠানতে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে আহোপুৰুষাৰ্থ কৰা কেইবাগৰাকী দাতাক বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা, জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়। সেই অনুসৰি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা শংকৰলাল আগৰৱালা আৰু তেওঁৰ পৰিয়াল বৰ্গ,প্ৰয়াত মুক্তিযোদ্ধা থুলেশ্বৰ ৰাজখোৱাৰ পবিত্ৰ স্মৃতিত নিৰ্মিত মূল আদৰণি তোৰণৰ দাতা উৎপল ৰাজখোৱা আৰু তেওঁৰ পৰিয়ালবৰ্গ,শ্ৰেণী কোঠালী নিৰ্মাণ কৰি দিয়া বলিন গোস্বামী, মহেন্দ্ৰ শৰ্মা আৰু উৎপল বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয়খনৰ সঞ্চালিকা যামিনী শৰ্মা,প্ৰধান শিক্ষক পংকজ ময়ূৰ বৰাৰ লগতে বিদ্যালয়ৰ পৰিয়ালবৰ্গই।
আজিৰ পুৱাৰ ভাগৰ কাৰ্য্যসূচীৰ আঁত ধৰে উদযাপন সমিতিৰ কাৰ্য্যকৰী সদস্য সিদ্ধেশ্বৰ হাজৰিকা আৰু যুটীয়া সম্পাদক মনোজ কুমাৰ নাথে।দিনৰ ১১ বজাত বৰঙাবাৰী আৰু ঘাঁহিগাঁও অঞ্চলৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিশিষ্ট অভিনেতা জ্যোতি ভূঞাই। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত যাদৱ গোস্বামী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ লগতে বিদ্যালয়ৰ ন-পুৰণি শিক্ষক, কৰ্মচাৰী আৰু প্ৰয়াত সকলৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।