অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু নৃশংসভাৱে হত্যা: ৩ অভিযুক্তৰ মৃত্যুদণ্ড ৰেহাই দিলে ন্যায়ালয়ে

২০১২ চনৰ ছাওলা ধৰ্ষণ-হত্যাৰ গোচৰৰ শুনানি সোমবাৰে উচ্চতম ন্যায়ালয়ত হয়। এই শুনানিত নৃশংসকাণ্ডৰ ৩ অভিযুক্তক শাস্তি ৰেহাই দিয়ে।
Supreme Court
Supreme Court

ডিজিটেল ডেস্ক: ২০১২ চনৰ ছাওলা ধৰ্ষণ-হত্যাৰ গোচৰৰ শুনানি সোমবাৰে উচ্চতম ন্যায়ালয়ত হয়। এই শুনানিত নৃশংসকাণ্ডৰ ৩ অভিযুক্তক শাস্তি ৰেহাই দিয়ে।

এই ঘটনাটোক দ্বিতীয় নিৰ্ভয়া কাণ্ড বুলি কোৱা হয়। উচ্চতম ন্যায়ালয়ে আজি দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰিছে। ন্যায়াধীশ উদয় উমেশ ললিত, এছ ৰবীন্দ্ৰ ভাট আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে।

ৰবি কুমাৰ, ৰাহুল আৰু বিনোদক নামৰ ৩ যুৱকক অপহৰণ, ধৰ্ষণ আৰু হত্যা বিভিন্ন অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল। ২০২২ চনৰ ৭ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে তিনিজন দোষীৰ মৃত্যুৰ ওপৰত ৰায় সংৰক্ষণ কৰি ৰাখিছিল।

দিল্লী আৰক্ষীয়ে মৃত্যুদণ্ড বাতিল কৰা আবেদনৰ বিৰোধিতা কৰিছিল। আৰক্ষীৰ হৈ এএছজি ঐশ্বৰ্য ভাটিয়ে কয় যে এই অপৰাধ কেৱল ভুক্তভোগীৰ সৈতেই নহয়, সমগ্ৰ সমাজৰ সৈতেও সংঘটিত হৈছে। অপৰাধীসকলক কোনো ৰেহাই দিব নোৱাৰি কিয়নো তেওঁলোকে জঘন্য অপৰাধ কৰিছে। দোষীসকলে কেৱল যুৱতী গৰাকীক দলবদ্ধ ভাৱে ধৰ্ষণ কৰাই নহয় মৃতদেহৰ লগতো জঘন্য কাণ্ড কৰিছিল।

দিল্লীৰ দ্বাৰকা আদালতে ২০১৪ চনৰ ফেব্ৰুৱাৰীত তিনি যুৱকক দোষী সাব্যস্ত কৰিছিল আৰু ২০১২ চনত এগৰাকী ১৯ বছৰীয়া যুৱতীক ধৰ্ষণ আৰু হত্যা কৰাৰ বাবে তেওঁলোকক মৃত্যুদণ্ড প্ৰদান কৰিছিল।

যুৱতী গৰাকীৰ মৃতদেহ হাৰিয়ানাৰ এটা অঞ্চলৰ পৰা উদ্ধাৰ হৈছিল। যুৱতী গৰাকীক দলবদ্ধ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই যুৱতী গৰাকীৰ পিতৃ-মাতৃয়ে দুখ প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে,"আমি এই সিদ্ধান্তত বহু দুখ পাইছো। আমি ১২ বছৰ ধৰি বহুত কষ্ট পাইছো। অভিযুক্তসকলে আমাক আদালতত কাটিবলৈ ভাবুকি দিছিল। আমি এই ৰায়ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিম।"

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in