/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/vi69w2l3/6.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া: ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত পোন প্ৰথমবাৰৰ বাবে ৰঙিয়ালৈ অহাত ৰাজ্যপাল ৰমেন ডেকাক উষ্ম আদৰণি জনাই স্থানীয় বিধায়ক ভৱেশ কলিতাই। উল্লেখ্য যে মঙলবাৰে ৰাজ্যপাল ৰমেন ডেকাই ৰঙিয়াৰ পদুম কুঁৱৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মহখলিবাসী ভক্তপ্ৰাণ ৰাইজৰ এক আধ্যাত্মিক স্থলী দক্ষিণ পশ্চিম শ্ৰীশ্ৰী হৰি মন্দিৰ প্ৰাংগণত নৱ নিৰ্মিত শ্ৰীশ্ৰী বৈষ্ণদেৱী মন্দিৰৰ বাৰ্ষিক পূজাত অংশগ্ৰহণ কৰি প্ৰভু ভগৱানৰ চৰণত সেৱা গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/53glmfw6/8a7c00ee-760c-483b-baad-37c01cf9dd80.jpg)
উক্ত কাৰ্যক্ৰমত ৰঙিয়াৰ বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তিসকলে ৰাজ্যপাল ৰমেন ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰে। ইফালে অনুষ্ঠানত ৰঙিয়াৰ সন্তান তথা প্ৰাক্তন জিওচি চীফ ৰাণা প্ৰতাপ কলিতা, মহকুমাধিপতি দেৱাশীষ গোস্বামীকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।