ছত্তীশগড়ত সুৰক্ষা বাহিনী-মাওবাদীৰ সংঘৰ্ষত ৮মাওবাদী নিহত: ১জন জোৱান ছহিদ

ছত্তীশগড়ত সুৰক্ষা বাহিনী-মাওবাদীৰ সংঘৰ্ষত ৮মাওবাদী নিহত: ১ জোৱান ছহিদ

author-image
Asomiya Pratidin
New Update
ছত্তীশগড়ত সুৰক্ষা বাহিনী-মাওবাদীৰ সংঘৰ্ষত ৮মাওবাদী নিহত: ১জন জোৱান ছহিদ

ডিজিটেল ডেস্কঃ শনিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত পুনৰ সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘর্ষত কমেও ৮ জন মাওবাদী নিহত হয়। এই সংঘর্ষত বিশেষ কাৰ্যবাহনীৰ এগৰাকী জোৱান ছহিদ হয় আৰু অন্য দুগৰাকী সুৰক্ষা কৰ্মী গুৰুতৰভাৱে আহত হয়।

Advertisment

বাস্তাৰ সংমণ্ডলৰ অবুঝমাড় এলেকাত কেইজনমান মাওবাদীৰ সম্ভেদ লাভ কৰিছিল। বি এছ এফ, আই টি বি পি, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কার্যবাহিনীৰ এটা যৌথ দলে তালাচী চলোৱাৰ সময়ত এই সংঘৰ্ষৰ সূত্রপাত হয়। সংঘর্ষস্থলীৰ পৰা দুটা ৰাইফল, এটা বি জি এল লন্সাৰ আৰু বুজন পৰিমাণৰ অস্ত্র-শস্ত্র উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে।

উল্লেখযোগ্য যে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ আবুঝ্মাদ অঞ্চলত বিগত দুদিন ধৰি সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত অবিৰতভাৱে সংঘৰ্ষ অব্যাহত আছে ৷ ১৪ জুনৰ পুৱাৰে পৰা আৰম্ভ হৈছিল এই সংঘৰ্ষ। 

Also Read: কাজিৰঙাত নতুনকৈ ৬০০ বেটেলিয়ান নিযুক্তি দিয়া হ'বঃ ড০ হিমন্ত বিশ্ব শৰ্মা

chattisgarh