/asomiyapratidin/media/media_files/2025/06/10/ZjosD70ZfiALAq8UXsRR.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যতে ১০জুনত ছাত্ৰ সংহতি দিৱস হিচাপে উদযাপন কৰা হয়। ১৯৭৪চনত আৰম্ভ হৈছিল এক আন্দোলন। খাদ্য আন্দোলন আছিল সেয়া। শাসক দলৰ ওচৰত ৰাজ্যৰ অৰ্থনীতি পৰিকাঠামো শক্তিশালী কৰিবলৈ ছাত্ৰসকলে ২১ দফীয়া দাবীৰে আৰম্ভ কৰা এই আন্দোলনৰ মাজতে ঘটিছিল অঘটন।
তেতিয়া ৰাজ্যত আছিল কংগ্ৰেছৰ শাসন। শান্তিপূৰ্ণভাৱে সত্যাগ্ৰহ কৰা দুই ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়া শ্বহীদ হৈছিল এই আন্দোলনত। কিয়নো ছাত্ৰ শক্তিক বাধা দিবলৈ আৰক্ষী জপিয়াই পৰিছিল চৰকাৰৰ নিৰ্দেশত। ঐতিহাসিক এই খাদ্য আন্দোলনত অংশ লোৱাৰ বাবেই ১০ জুন, ১৯৭৪চনত মৰিগাঁও জিলাৰ ভুৰবন্ধা ঔগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়াক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল।
এই দুই শ্বহীদ ছাত্ৰৰ স্মৃতিত তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সমাজক ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ স্বাৰ্থত ১০ জুন তাৰিখতো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে। এই ছাত্ৰসকলৰ ত্যাগ আৰু জাতীয় চেতনাই অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰি আহিছে। সাম্প্ৰতিক সময়ত ছাত্ৰ সংহতি দিৱসৰ তাৎপৰ্য আৰু অধিক প্ৰয়োজনীয় হৈ পৰিছে।
ছাত্ৰ সকলে এখন সমাজৰ আধাৰ। এই ছাত্ৰ শক্তিক কোনেও নুই কৰিব নোৱাৰে। উল্লেখ্য যে, ঐতিহাসিক খাদ্য আন্দোলনে এইবেলি ৫১ বর্ষত ভৰি দিলে। শ্বহীদ গজেন ইংতি আৰু শ্বহীদ পুতুল শইকীয়াৰ নিঃস্বার্থ আত্মত্যাগে ৫১ বছৰ গৰকিলে।
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উতপল শৰ্মাই ছাত্ৰ সংহতি দিৱসৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কয়- ঐক্যবদ্ধ ছাত্ৰ সংগ্ৰামক মষীমূৰ কৰিবলৈ শাসক পক্ষই চেষ্টা অব্যাহত ৰাখিছে। ন্যায় বিচাৰি গজেন ইংতি, পুতুল শইকীয়াৰ যি ত্যাগ, সেই ত্যাগ উপলব্ধি কৰাৰ সময় এয়া। চৰকাৰী পক্ষৰ চৰিত্ৰ, ভাঙোনমুখী প্ৰৱনতাই ছাত্ৰ শক্তিৰ প্ৰতিবাদী কন্ঠক বাধা দি আহিছে। কিন্তু ঐক্যবন্ধ ছাত্ৰ শক্তিয়ে গণতন্ত্ৰৰ ভাঙোনমুখী প্ৰৱণতাৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় হ'ব লাগিব।
তেও লগতে কয়- অৰ্থনৈতিক শোষণৰ পৰা পৰিত্ৰাণ বিচাৰি নিজৰ সম্পদৰ ওপৰত অধিকাৰৰ দাবীত ১৯৭৪চনত খাদ্য আন্দোলনৰ সূত্ৰপাত হৈছিল। কিন্তু সেই আন্দোলনক দমাই ৰাখিবলৈ ছাত্ৰ সকলক লক্ষ্য কৰি লোৱা শাসক পক্ষৰ বিৰুদ্ধে আমাৰ ঐক্যবদ্ধ সংগ্ৰাম আৰু প্ৰতিবাদ আজিও প্ৰাসংগিক হৈ আছে। আজিৰ প্ৰেক্ষাপটত তেনে চিন্তা ধাৰণাৰে অসমৰ জাতীয় জীৱনৰ বাবে ছাত্ৰসকলক একেখন মঞ্চত এক শক্তিশালী শক্তি ৰূপত তুলি ধৰিবলৈ এই ছাত্ৰ সংহতি দিৱসৰ প্ৰয়োজন সদায় থাকিব।ছাত্ৰ সংহতি দিৱস সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ জাতীয় পুঁজি শক্তিশালী, সম্পদৰ ওপৰত অধিকাৰ, স্বাধীন চেতিয়া এক সংকল্পৰে ছাত্ৰ শক্তিক আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়।