/asomiyapratidin/media/media_files/2024/12/02/WN6VMjdENiHkzox1hSuq.jpg)
ডিজিটেল সংবাদ,চতিয়াঃ চতিয়াৰ বিভিন্ন স্থানৰ ধৰ্মীয় অনুষ্ঠানত সঘনাই সংঘটিত হৈ আহিছে চুৰি কাণ্ড। দেওবাৰে নিশা চতিয়াৰ ঐতিহ্যমণ্ডিত বাৰভূঞা গাঁৱৰ নামঘৰ ভাগত চোৰে প্ৰবেশ কৰি নামঘৰৰ দান পাত্ৰত থকা ধন সোণ-ৰূপৰ ফুলি,তালকে ধৰি বহু মুল্যবান সম্পদ লৈ উধাও হয়।
চোৰৰ হাতোৰাৰ পৰা সাৰি নগ'ল নামঘৰৰ মূল আসনৰ ওপৰত থকা গামোচা চন্দ্ৰতাপ।পুৱা নামঘৰীয়া নামঘৰত প্ৰবেশ কৰি দেখা পাই মনিকুটৰ দৰ্জাৰ তলা ভাঙি থোৱা আছে ৷ লগে লগে গঞাক খৱৰ দিয়াত গঞাই নামঘৰৰ চুৰিকাণ্ডৰ বিষয়ে জ্ঞাত হয়।
নামঘৰৰ সমিপৰ এখন পথাৰত নামঘৰৰ পৰা অনা চন্দ্ৰতাপ পাৰি চোৰে মদ্যপান কৰি আঁতৰি যায়। সেই স্থানত মদৰ বটল গিলাছ,নামঘৰৰ পৰা অনা মিঠাতেলৰ বটল উদ্ধাৰ হয়। উল্লেখ্য যে চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এনাৰেল তেল দিপোৰ পৰিত্যক্ত গৃহটো অসামাজিক কাণ্ডৰ ঘাটিত পৰিণত হৈছে। এই পৰিত্যক্ত গৃহতে চোৰে আশ্ৰয় লয় বুলি অভিযোগ তুলিছে ৰাইজে।