/asomiyapratidin/media/media_files/2025/01/27/cMOXNDFX36p32yFiRsFw.jpg)
ডিজিটেল সংবাদ,চতিয়া: চতিয়াৰ কটৰআটি গাঁৱত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। তিনি পুত্ৰৰ লগতে আত্মীয়ৰ প্ৰহাৰত গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে আজিজুৰ ৰহমান নামৰ এজন ব্যক্তিৰ।
মৃত আজিজুৰ ৰহমানৰ ভাতৃ আব্দুল হ'কে চতিয়া আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ মতে,কেইদিনমান পূৰ্বে তেওঁৰ জ্যেষ্ঠ ভাতৃ আজিজুৰ ৰহমানৰ সৈতে নিজৰ পুত্ৰ দিলদাৰ হুছেইন,চাবিল হুছেইন আৰু আইনুল আলিয়ে কেইজনমান আত্মীয়ৰ লগ লাগি ঘৰুৱা কথাক কেন্দ্ৰ কৰি কাজিয়াত লিপ্ত হয় ৷
পৰৱৰ্তী সময়ত আজিজুৰ ৰহমানক তেওঁলোকে শাৰিৰিকভাবে প্ৰহাৰ কৰি গুৰুতৰভাবে আহত অৱস্থাতে এটা ধানৰ বস্তাত ভৰাই পথৰ দাতিত পেলাই থয়। কিন্তু গাঁওখনৰ একাংশ লোকে এই ঘটনা প্ৰত্যক্ষ কৰি হুলস্থুলৰ সৃষ্টি কৰে।
পিছত গুৰুতৰ ভাবে আহত আজিজুৰ ৰহমানক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে অৱস্থা সংকটজনক দেখি লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু কালি চিকিৎসাধীন অৱস্থাতে দুৰ্ভগীয়া আজিজুৰ ৰহমানে মৃত্যুক সাৱতি লব লগা হয়।
ইফালে আজিজুৰ ৰহমানৰ মৃতদেহটো চতিয়াৰ কটৰআটি গাঁৱলৈ লৈ অহাৰ পিছত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। মৃত আজিজুৰ ৰহমানৰ ভাতৃৰ এজাহাৰৰ ভিত্তিত চতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি হত্যাকাৰীৰ সন্ধান অভিযান আৰম্ভ কৰিছে যদিও তিনি পুত্ৰ সহিতে আন অভিযুক্ত সকল বৰ্তমানেও পলাতক অৱস্থাত আছে।