ডিজিটেল সংবাদ, জামুগুৰিহাট: চতিয়াৰ দক্ষিণ আঞ্চলৰ বকৰাপট্ৰা আৰু দুইনং আদাভেটি সংযোগী পথৰ গড়েহাগী সুঁতিৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙৰ কদৰ্য্য ৰূপে যাতায়তত জীয়াতু ভোগাইছে জনসাধাৰণক। এই জৰাজীৰ্ণ দলংখনৰ ওপৰেদিয়েই এতিয়া আঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে মৰণক শৰণ দি যাতায়ত কৰিব লগা হয়।
চতিয়াৰ কেইবাখনো বিদ্যালয়ৰ লগতে মহাবিদ্যালয়লৈ এই জৰাজীৰ্ণ বাঁহৰ দলঙৰ ওপৰেদিয়েই দৈনিক অহা যোৱা কৰিবলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকলে। অঞ্চলবাসী ৰাইজে দীৰ্ঘদিন ধৰি স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক দলঙখন যাতায়তৰ উপযোগী কৰি নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷
যাৰ ফলত উপায়হীন হৈ এতিয়া আঞ্চলবাসী ৰাইজে গাঁঠিৰ ধন ভাঙি নিজেই শ্ৰমদান কৰি বাঁহৰেই নিৰ্মাণ কৰি লৈছে দলংখন। বৃহত্তৰ আঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে এই বাঁহৰ দলংখন পৰিবৰ্তে এখন নতুন পকী দলং নিৰ্মাণ কৰি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।