/asomiyapratidin/media/media_files/2025/06/28/gfddd-2025-06-28-16-11-51.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মেল আয়োজন কৰি সাংবাদিকক 'তলৰ শ্ৰেণীৰ মানুহ', 'পঢ়িব নাজানে' আদি বাক্যৰে তুচ্ছ-তাচ্ছিল্য সূচক মন্তব্য কৰা কাৰ্যক চৰাইদেউ প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে গৰিহণা দিয়া লগতে সাংবাদিকক কৰা এনে ব্যৱহাৰক ধিক্কাৰ দিয়ে।
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত বাৰে বাৰে টাৰ্গেট কৰি এনে ধৰণেৰে অপমান কৰা কাৰ্যক সন্থাই কেতিয়াও সহ্য কৰা নকৰে বুলি এক প্ৰেছ বিবৃত সন্থাৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা আৰু সম্পাদক প্ৰণৱ বৰগোহাঁই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
সাংবাদিকক কৰা এনে ব্যৱহাৰ কেতিয়াও গ্ৰহণ যোগ্য হ'ব নোৱাৰে বুলি উল্লেখ কৰে চৰাইদেউ প্ৰেছ ক্লাবে। সাংবাদিকক কৰা এনে ব্যৱহাৰৰ বাবে মন্ত্ৰীগৰাকীক ক্লাবে ধিক্কাৰ দিয়াৰ লগতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সাংবাদিকক কৰা এনে অপমানৰ বাবে সংবাদ মাধ্যমৰ ওচৰত ক্ষমা খোজাৰো দাবী জনায়।