কোনো সাৰি নাযায়,৩ মাহৰ ভিতৰত দাখিল হ'ব চাৰ্জশ্বিটঃ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য...

এই ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ’ব। আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰা হ’ব। সাধাৰণতে চাৰ্জ শ্বীট দাখিল কৰিবলৈ ৩ মাহ সময় দিয়া হয়, আমাকো ইয়াতকৈ বেছি সময় নালাগিব।

New Update
1

ডিজিটেল ডেস্কঃ  জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা নিৰ্ধাৰিত ৩ মাহৰ ভিতৰত দাখিল কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চলি থকা তদন্ত সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, এতিয়ালৈকে ইটোৰ পিছত সিটোকৈ গ্ৰেপ্তাৰ কৰা হৈছে। মোৰ বিশ্বাস যে তদন্ত সঠিক দিশত আগবাঢ়িছে।

তেওঁ লগতে কয়,  এই ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ’ব। আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰা হ’ব। সাধাৰণতে চাৰ্জ শ্বীট দাখিল কৰিবলৈ ৩ মাহ সময় দিয়া হয়, আমাকো ইয়াতকৈ বেছি সময় নালাগিব।

তেওঁ কয় যে আমাৰ লক্ষ্য হৈছে, এক সম্যক তদন্তৰ অন্তত আদালতত এনে এটা গোচৰ দাখিল কৰা যিয়ে প্ৰকৃত ন্যায় নিশ্চিত কৰিব।  অসম পুলিচে নিৰ্ধাৰিত সময়ত অভিযোগনামা দিবলৈ সক্ষম হ'ব । ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে । তেওঁলোকক আনিবলৈ আমি ব্যৱস্থা কৰি আছো ।

অসম চৰকাৰ জুবিন গাৰ্গৰ ঘটনাক লৈ অতি ছিৰিয়াচ, আমি ন্যায় প্ৰদান কৰিম । আদালতৰ মজিয়াত বিচাৰ যাতে সঠিকভাৱে হয় তাৰ বাবে তিনি মাহৰ ভিতৰত আমি অভিযোগনামা দিবলৈ চেষ্টা কৰিম বুলি মুখ্যমন্ত্ৰীয়ে বুধবাৰে উল্লেখ কৰে।

জুবিন গাৰ্গৰ তদন্ত সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে লগতে কয়, অসম আৰক্ষী ছিংগাপুৰলৈ যাব নোৱাৰে; কিন্তু ছিংগাপুৰ আৰক্ষীয়ে আমাক সহায় কৰিব বুলি আমি নিশ্চিত। অক্টোবৰত দিল্লীত ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিম । অসম আৰু ছিংগাপুৰৰ মাজত যি সম্পৰ্ক আছে তাৰ পৰা নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম । ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপ'ৰ্ট প্ৰেৰণ কৰিছে ।

জুবিন গাৰ্গ গৰিমা শইকীয়া গাৰ্গ