/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c310b9f9-7bbf-46bf-9bdf-9d5563330088/boudhist.jpg)
প্ৰতিনিধি সভা
ডিজিটেল সংবাদ,চৰাইদেউঃ বুধবাৰৰ পৰা চৰাইদেউ জিলাৰ চলা শ্যাম গাঁৱত দুদিনীয়াকৈ সদৌ অসম বৌদ্ধ মহাসভাৰ ৭৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশন আৰম্ভ হৈছে ৷ চৰাইদেউ জিলা বৌদ্ধ মহাসভা সমিতিৰ উদ্যোগত আৰু চলাপথাৰ শ্যাম গাঁৱবাসীৰ সহযোগত অনুষ্ঠিত অধিবেশনৰ কাৰ্যসূচী অনুসৰি বুধবাৰে বিয়লি ২ বজাত প্রতিনিধি পঞ্জীয়নৰ পাছতে প্রতিনিধি সভা আৰম্ভ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e64a71e7-706a-4730-9b2c-33b747231e7f/boudhist1.jpg)
আনহাতে বৃহস্পতিবাৰে পুৱা ৫-৩০ বজাত মংগলাচৰণ, ৬ বজাত ভিক্ষু সংঘৰ খাউ-চম, ৮-৩০ বজাত সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি ভদন্ত জ্ঞানপাল মহাথেৰৰ দ্বাৰা বিশ্ব বৌদ্ধ পতাকা উত্তোলন, ৯ বজাত ধৰ্মৰত্ন শাসনবংশ মহাথেৰ ভন্তেৰ ৯৭ সংখ্যক জন্ম দিৱস উপলক্ষে চমু বক্তব্যৰ উপৰিও সমূহীয়াভাৱে কান্ত আৰু জন্ম দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ হ'ব বুলি আয়োজক সমিতিয়ে জনায়।