চৰাইদেউ নিমনাগড়ত চিলনী চোৰৰ সন্ত্ৰাস...

মহিলাৰ পৰা চুৰ কৰিলে টকাৰ বেগ সহ মোবাইল ফোন

author-image
Asomiya Pratidin
New Update
চৰাইদেউ নিমনাগড়ত চিলনী চোৰৰ সন্ত্ৰাস...

charaideu

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিমনাগড় চাৰিআলিৰ পৰা চিলনী চোৰে বৃহস্পতিবাৰে দিনদুপৰতে এগৰাকী মহিলাৰ হাতৰ পৰা চিলনি চোৰে টকাৰ বেগসহ মোবাইল ফোন কাঢ়ি লৈ যায় ।

Advertisment

জানিব পৰা মতে ইকৰাণি গাঁৱৰ পৰা এগৰাকী মহিলাই নিমনাগড় চাৰিআলি দিশে গৈ থকা অৱস্থাত এখন ক’লা ৰঙৰ স্কুটিৰে অহা চোৰটোৱে মহিলা গৰাকীৰ হাতৰ পৰা বেগসহ ফোন থপিয়াই উধাও হয় ৷

চিলনী চোৰে কাঢ়ি লৈ যোৱা বেগটোত টকা, মোবাইল ফোনকে ধৰি বিভিন্ন নথি পত্ৰ আছিল। ঘটনাৰ পিচত মহিলা গৰাকীয়ে মথুৰাপুৰ আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে।

Assam police charaideu