পৰ্যটন বিভাগৰ উদ্যোগত চৰাইদেউ মৈদামত স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ...

পৰ্যটন বিভাগৰ উদ্যোগত চৰাইদেউ মৈদামত স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ...

author-image
Asomiya Pratidin
New Update
পৰ্যটন বিভাগৰ উদ্যোগত চৰাইদেউ মৈদামত স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ...

ডিজিটেল সংবাদ, চৰািদেউঃ গান্ধী জয়ন্তী উপলক্ষে বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদামত এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ শিৱসাগৰ মণ্ডলৰ উদ্যোগত পুৰাতত্ত্ব আৰু প্ৰত্নতাত্ত্বিক বিভাগৰ সহযোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত স্থানীয় প্ৰায় অৰ্ধ শতাধিক পুৰুষ- মহিলাই অংশগ্ৰহণ কৰে ৷

Advertisment

এই কাৰ্যসূচীত সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মৈদাম সংৰক্ষণ সমিতিৰ সম্পাদক অতুল ৰাজকোঁৱৰ, সমাজকৰ্মী মৃদুল কোঁৱৰ, শিৱসাগৰ জিলা পৰ্যটন উন্নয়ন বিষয়া নয়নমণি পামেগাম,সংৰক্ষণ বিষয়া  কংকনজ্যোতি শইকীয়া, কেন্দ্ৰীয় পূৰাতত্ত্ব আৰু প্ৰত্নতাত্বিক বিভাগৰ বিষয়া- কৰ্মচাৰীকে ধৰি অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তিসকল এই কাৰ্যসূচীত উপস্থিত থাকি কাৰ্যসূচী সফল কৰি তোলে।

চৰাইদেউ মৈদামক্ষেত্ৰ