চৰাইদেউ মৈদামত আহোম স্বৰ্গদেউসকলক  সশ্ৰদ্ধ সোঁৱৰণ

সুদীৰ্ঘ কাল ৰাজ্য শাসন কৰা ৩৯ গৰাকী স্বৰ্গদেউৰ লগতে আৰাধ্য দেৱতা লেংডন, ঙি খুনলুং আৰু ঙি খুনলাইৰ নামত ৪২ খন পায়সৰ শৰাই গুৱা-পান  নৈবদ্য  আদি আগবঢ়াই শ্ৰদ্ধাঞ্জলি জনাই সেৱা গ্ৰহণ কৰে স্থানীয় লোকসকলে ৷

author-image
Asomiya Pratidin
New Update
vn

ডিজিটেল সংবাদ,চৰাইদেউঃ   বৰঅসম প্ৰতিষ্ঠাপক চাওল্যুং চুকাফাকে ধৰি আন স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়া সকলৰ পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই দুদিনীয়াকৈ ঐতিহাসিক চৰাইদেউ মৈদাম থলীত সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা ৭৪ সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠানটি ধৰ্মীয় পৰম্পৰা অনুসৰি অনুষ্ঠিত হয় ৷

Advertisment

সুদীৰ্ঘ কাল ৰাজ্য শাসন কৰা ৩৯ গৰাকী স্বৰ্গদেউৰ লগতে আৰাধ্য দেৱতা লেংডন, ঙি খুনলুং আৰু ঙি খুনলাইৰ নামত ৪২ খন পায়সৰ শৰাই গুৱা-পান  নৈবদ্য  আদি আগবঢ়াই শ্ৰদ্ধাঞ্জলি জনাই সেৱা গ্ৰহণ কৰে স্থানীয় লোকসকলে ৷ দুদিনীয়া কাৰ্যসূচী অনুসৰি প্ৰথম দিনা লাংকুৰি দেওশালৰ নামনিত চোমদেও গুৱা-পাণ, চাকি শলিতা জ্বলায়।

কলপাতত সজাই-পৰাই পায়সৰ শৰাই আগবঢ়াই নিশালৈ ভকত-বৈষ্ণৱৰ দ্বাৰা নাম কীৰ্তন অনুষ্ঠিত হয় ৷ আনহাতে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত টাই আহোম পৰম্পৰাৰে বানফী অনুষ্ঠিত কৰে। সমান্তৰালকৈ অহা বছৰ অনুষ্ঠিত হ'বলগীয়া তৰ্পণ অনুষ্ঠানৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ উদ্দেশ্যে এখন মুকলি সভাও অনুষ্ঠিত কৰে আয়োজক সকলে।

উল্লেখ যে ত্ৰয়োদশ শতিকাত সুদূৰ পাটকাইৰ সিপাৰৰ পৰা আহি অসমত আহোম ৰাজ্য প্ৰতিষ্ঠাৰ যোগেদি বৰ অসমৰ সপোন দেখা চাওলুং চুকাফাৰ লগতে আন স্বৰ্গদেউ আৰু ডা- ডাঙৰীয়া সকলৰ পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই ১৯৫২ চনৰ পৰা  ধাৰাবাহিক ভাৱে ঐতিহাসিক চৰাইদেউ মৈদাম থলীত এই তৰ্পণ উৎসৱ  ( বিয়াল্লিছ খন শৰাই দিয়া) অনুষ্ঠানটি পালন কৰি অহা হৈছে ৷

চৰাইদেউ মৈদাম