/asomiyapratidin/media/media_files/2024/12/26/4kUSo3qP2ObXzWxWPSA4.jpg)
ডিজিটেল ডেস্কঃ চৰাইদেউ মৈডামস্থলীৰ বিশ্ব ঐতিহ্য ক্ষেত্র প্রাপ্তিয়ে অসমক বিশ্বৰ ঐতিহ্য ক্ষেত্র তথা পর্যটক মানচিত্রত উজ্জ্বলৰূপে দাঙি ধৰিছে। এই সমগ্ৰ প্ৰচেষ্টাৰ মূল গুৰি ধৰোঁতা হ'ল প্রত্নতত্ত্ববিদ ড° কে. চি নৰিয়াল, ইতিহাসবিদ পদ্মশ্রী ড° যোগেন্দ্ৰ নাথ ফুকন আৰু প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালিকা ড° ডি পি ৰেখা কুলি।
উল্লেখিত ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা উদ্দেশ্যে সদৌ গুৱাহাটী তাই আহোম সমাজ, বৃহত্তৰ গুৱাহাটীবাসীৰ উদ্যোগত আৰু অসম ৰাজ্যিক প্রত্নতত্ত্ব বিভাগৰ সহযোগত ২৮ ডিচেম্বৰত কৰ্মশ্রী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা অনুষ্ঠান আয়োজন কৰা হৈছে।
উক্ত সম্বৰ্ধনা অনুষ্ঠানত চৰাইদেউ মৈডামৰ খনন কাৰ্য্য, আন্তঃগাঁথনি আৰু অন্যান্য সকলো দিশ সামৰি এখনি তথ্য চিত্রও প্রদর্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানটিত উপস্থিত থাকিবলৈ উদ্যোক্তাই আহ্বান জনাইছে।