ডিজিটেল সংবাদ,চৰাইদেউঃ ৯, ১০ আৰু ১১ জানুৱাৰীত চৰাইদেউ মৈদাম প্ৰাংগণত অনুষ্ঠিত হ'ব চৰাইদেউ মহোৎসৱ। এইবেলি লোক কৃষ্টি গৱেষণা উন্নয়ন সমিতি, চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত এই মহোৎসৱ অনুষ্ঠিত হ'ব।
ইতিহাস প্ৰসিদ্ধ চৰাইদেউত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই মহোৎসৱৰ আজি লাই খুঁটা স্থাপন কৰা হয় ৷ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ উপস্থিতিত টাই আহোম ৰীতি-নীতি পৰম্পৰাৰে মহোৎসৱৰ লাইখুটা স্থাপন কৰে।
অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ২০১৫ চনৰ পৰা চৰাইদেউ প্ৰত্নতাত্বিক স্থানত প্ৰতি বছৰে চৰাইদেউ মহোৎসৱ উদযাপন কৰি অহা হৈছে ৷