পঞ্চায়ত নিৰ্বাচনঃ চৰাইদেউ জিলা পৰিষদত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা...

অহা ২ মে'ত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে সকলোবোৰ ৰাজনৈতিক দলে নিজ নিজ প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান ক্ষিপ্ৰ কৰি তুলিছে । নৱগঠিত চৰাইদেউ জিলাৰ

author-image
Asomiya Pratidin
New Update
ujjj

ডিজিটেল সংবাদ,চৰাইদেউঃ অহা ২ মে'ত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে সকলোবোৰ ৰাজনৈতিক দলে নিজ নিজ প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান ক্ষিপ্ৰ কৰি তুলিছে । নৱগঠিত চৰাইদেউ জিলাৰ সন্মানীয় চৰাইদেউ জিলা পৰিষদৰ আসন খনক লৈ শাসকীয় মিত্ৰজোট বিজেপিৰ লগতে জাতীয় পৰিষদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে ।

মাহমৰা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ জিলা পৰিষদৰ আসনখনৰ বাবে এইবাৰৰ নিৰ্বাচনত  বিজেপিয়ে মাধূৰ্য সন্দিকৈক মনোনীত কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ নৃপেন কোঁৱৰ, জাতীয় পৰিষদ দলে ৰাজীৱ ৰাজকোঁৱৰক প্ৰক্ষেপ কৰাৰ লগতে  দিলীপ মহন  নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে । মনকৰিব লগীয়া যে এইবাৰ চৰাইদেউ জিলা পৰিষদ সমষ্টিটো  হলৌফুকন,  চৰাইদেউ আৰু নিমনাগড় গাঁও পঞ্চায়তক লৈ  গঠন হোৱাৰ পাছত পোন প্ৰথম বাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে ।

লক্ষণীয় যে এইবাৰৰ জিলা  পৰিষদ সমষ্টিটোত  সমষ্টিৰ তিনিখন পঞ্চায়তৰ পৰা তিনিগৰাকী প্ৰতিদ্বন্দীয়ে নিৰ্বাচনী যুঁজত নামি নিজৰ প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে । এসময়ৰ গাঁও পঞ্চায়তৰ সভাপতিৰ পদ দখল কৰিবলৈ সক্ষম হোৱা  জ্যেষ্ঠ কংগ্ৰেছী নৃপেন কোঁৱৰে  সমাগত নিৰ্বাচনত চৰাইদেউ  গাঁও পঞ্চায়তৰ  পৰা প্ৰতিদ্বন্দিতাত নমাৰ বিপৰীতে শাসকীয় বিজেপিৰ যুৱ মৰ্চাৰ মাধূৰ্য সন্দিকৈয়ে হলৌফুকন গাঁও পঞ্চায়তৰ পৰা আৰু  একালৰ ছাত্ৰ নেতা ৰাজীৱ ৰাজকোঁৱৰে অসম জাতীয় পৰিষদৰ হৈ নিমনাগড় পঞ্চায়তৰ পৰা বেলট যুদ্ধত অৱতীৰ্ণ হোৱাত মূলতঃ তিনিও গৰাকীয়ে নিজা নিজা পঞ্চায়তত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

অৱশ্যে একালত গাঁও পঞ্চায়তৰ সভাপতি হিচাপে পাঁচ বছৰীয়া অভিজ্ঞতা থাকিলেও কংগ্ৰেছ প্ৰাৰ্থী নৃপেন কোঁৱৰৰ ৰাজনৈতিক কেৰিয়াৰ বৰ মসৃণ নহয় । আনকি শেহতীয়া লোকসভা নিৰ্বাচনৰ সময়ত অহা প্ৰতিষ্ঠান বিৰোধী ঢৌয়ে সাধাৰণ জনতাক চুই যোৱাৰ দৰে  সমাগত পঞ্চায়ত নিৰ্বাচনৰ এই মূহুৰ্তলৈকে কংগ্ৰেছ দলৰ কোনো চকুত লগা বতাহ পৰিলক্ষিত হোৱা নাই ।

ইফালে শাসকীয় দলৰ প্ৰাৰ্থী মাধূৰ্য সন্দিকৈয়ে চৰকাৰী আঁচনিৰ সুবাদত সাধাৰণ ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰাৰ সমান্তৰালকৈ দলটোৰ  ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতায়ো আহি ভোট ভীক্ষা কৰা পৰিলক্ষিত হৈছে । যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদকৰ পৰা পোনে পোনে সক্ৰিয় ৰাজনীতিলৈ অহা অসম জাতীয় পৰিষদৰ ৰাজীৱ ৰাজকোঁৱৰৰ নিকা ভাৱমূৰ্তিৰ বাবে নতুন প্ৰজন্মৰ ভোটাৰৰ মাজত এক প্ৰকাৰ আকৰ্ষণৰ   অন্যতম কাৰক হিচাপে বিবেচিত হৈছে ।

তিনিও গৰাকী প্ৰাৰ্থীয়ে সৱল ৰূপত ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰাৰ সমান্তৰালকৈ  নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযানো  জোৰদাৰ কৰি তুলিছে । প্ৰাৰ্থীসকলে ভোটাৰৰ মন আকৃষ্ট কৰিবলৈ ঘৰে ঘৰে যোৱাৰ লগতে চোতাল সভা আদিৰো আয়োজন কৰা দেখা গৈছে । পূৰ্বৰে পৰা এক সন্মানীয় সমষ্টি হিচাপে বিবেচিত এইবাৰ জিলা পৰিষদৰ আখন কৰা হাতলৈ যাব সেয়া ১১ মে’ত পিচতেহে স্পষ্ট হব ৷

পঞ্চায়ত নিৰ্বাচন