সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সমীৰণ ফুকনক চৰাইদেউ প্ৰেছ ক্লাৰ সম্বৰ্ধনা

দিনৰ ভাগত সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সমীৰণ ফুকনসহ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত হৈ মৈদামথলীত থকা স্থায়ী  চাও-ৰেন-চেঙত গৃহত বন্তি প্ৰজ্বলন কৰে।

author-image
Asomiya Pratidin
New Update
সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সমীৰণ ফুকনক চৰাইদেউ প্ৰেছ ক্লাৰ সম্বৰ্ধনা

সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সমীৰণ ফুকনক চৰাইদেউ প্ৰেছ ক্লাৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ, চৰাইদেউ : বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামথলীত শুকুৰবাৰে মে-ডাম-মে-ফি পালন কৰা হয়। এই উপলক্ষে দিনৰ ভাগত সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সমীৰণ ফুকনসহ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত হৈ মৈদামথলীত থকা স্থায়ী  চাও-ৰেন-চেঙত গৃহত বন্তি প্ৰজ্বলন কৰে। 

Advertisment

লগতে টাই পণ্ডিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেদি মহান স্বৰ্গদেউসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আশীৰ্বাদ বিচাৰে । ইয়াৰ আগেয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰলৈ চৰাইদেউত আহি উপস্থিত হোৱা সমীৰণ ফুকনক চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সভাপতি ধ্ৰৱজ্যোতি বৰুৱা সম্পাদক প্ৰণৱ বৰগোহাঁইসহ সতীৰ্থসকলকে গামোচা, চেলেং আৰু ফুলৰ থোপাৰে উষ্ণ আদৰণি জনায় ।

Charaideo Maidam ALL ASSAM STUDENT UNION me dam me phi