/asomiyapratidin/media/media_files/2025/02/02/Q5Qm7Epnve55sfcn7gB0.jpg)
মথুৰাপুৰত চৰাইদেউ জিলা আন্তঃক্লাব ভলীবল প্ৰতিযোগিতাৰ শুভাৰম্ভ
ডিজিটেল সংবাদ, মথুৰাপুৰ : মথুৰাপুৰত দেওবাৰে পুৰুষ আৰু মহিলা উভয় শাখাতে এদিনীয়াকৈ অনুষ্ঠিত হোৱা দিবা -নৈশ ভলীবল প্ৰতিযোগিতাখনিৰ পুৱা শুভাৰম্ভ কৰা হয়। চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত আৰু মথুৰাপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত পূজা ফিল্ডত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখনি।
উল্লেখযোগ্য যে চৰাইদেউ জিলা আন্তঃক্লাব দিবা-নৈশ ভলীবল প্ৰতিযোগিতাখনিৰ কাৰ্যসূচী অনুসৰি পুৱা চৰাইদেউ জিলাৰ পতাকা উত্তোলন কৰে জিলা ভলীবল বিভাগৰ সম্পাদক দুদন ফুকনে। মথুৰাপুৰ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে মথুৰাপুৰ ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি জীতেন ৰাজকোঁৱৰে। একেদৰে স্মৃতি তৰ্পণ কৰে মথুৰাপুৰ ক্ৰীড়া সন্থাৰ মুখ্য উপদেষ্টা ইচলাম আহমেদে।
প্ৰতিযোগিতাখন উদ্বোধন কৰে চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উপদেষ্টা তথা ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ বিনন্দ চন্দ্ৰ ৰাজকোঁৱৰে। উক্ত অনুষ্ঠানত কেইবাগৰাকী প্ৰাক্তন খেলুৱৈ তথা বিশিষ্ট ব্যক্তিক মথুৰাপুৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এই প্ৰতিযোগিতাত চৰাইদেউ জিলাৰ পুৰুষ আৰু মহিলাৰ কেইবাটাও আগশাৰীৰ ভলীবল দলে অংশগ্ৰহণ কৰিছে। উক্ত প্ৰতিযোগিতাখনি নিশালৈ সামৰণি পৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।