টিলাপাৰাত অবৈধ তীৰৰ খেলৰ ৰমৰমীয়া বেহা

চাপৰৰ টিলাপাৰাত অবৈধ তীৰৰ খেলৰ ৰমৰমীয়া বেহা। শালকোচা আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্ট লোকে চলাই গৈছে এই ৰমৰমীয়া বেহা।

author-image
Asomiya Pratidin
New Update
142

ডিজিটেল সংবাদ, চাপৰ : চাপৰৰ টিলাপাৰাত অবৈধ তীৰৰ খেলৰ ৰমৰমীয়া বেহা। শালকোচা আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্ট লোকে চলাই গৈছে এই ৰমৰমীয়া বেহা।

নিতৌ টিলাপাৰা বজাৰত বিভিন্ন চাহৰ দোকানত চলে এই তীৰ খেলৰ ৰমৰমীয়া বেহা। স্থানীয় ৰাইজ আৰু দল সংগঠনৰ দাবী অনতিপলমে বন্ধ কৰক এই অবৈধ তীৰখেল(জুৱা)।

ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈ পৰিছে মুকলি কৈ তীৰ খেলৰ দৃশ্য। ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অবৈধ জুৱা খেলৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আহ্বান নেমছুৰ।

তীৰ খেল